মুখ্য-পৃষ্ঠা

গৱেষক ড° শংকৰ পাটোৱাৰীলৈ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নি : ভূপেন্দ্ৰ সংগীতৰ গৱেষক তথা ধেমাজিৰ ড° শংকৰ পাটোৱাৰীলৈ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়োৱা হৈছে। বিশিষ্ট গৱেষকগৰাকীলৈ এই বঁটা আগবঢ়াইছে যোৰহাট জিলাৰ মৰিয়নি চেলেংহাটৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ‘উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে’।

চেলেংহাটৰ বৰনগঞা গাঁও পুথিভঁৰাল প্ৰেক্ষাগৃহত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে আয়োজন কৰা “আস্থাৰ দিন” শীৰ্ষক অনুষ্ঠানত বিশিষ্ট গৱেষকগৰাকীক এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। বঁটাটি প্ৰদান কৰে যোৰহাট সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা, বিশিষ্ট বিজ্ঞানী ড° কৰুণাকান্ত শৰ্মাই।

উল্লেখযোগ্য যে, ড০ শংকৰ পাটোৱাৰীয়ে “ড০ ভূপেন হাজৰিকাৰ গীতৰ বিশেষ প্ৰসংগেৰে অসমীয়া গীতি-কবিতাত জাতীয়তাবাদ” শীৰ্ষক গৱেষণা পত্ৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। সুধাকণ্ঠৰ মৃত্যু দিনটোক চেলেংহাটৰ উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে “আস্থাৰ দিন” ৰূপে পালন কৰি অহা লগতে প্ৰতিবছৰে চেলেংহাটৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ সাধক, গৱেষক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে।

আনহাতে এই বঁটাত আছে নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকন্ঠৰ স্মাৰক, ৰূপৰ তৰা খোচিত এটি টুপী লগতে এখন চেলেং চাদৰ।”আস্থাৰ দিন”  উদযাপনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা "সুন্দৰ সূৰ্য ধিয়াই নতুন দিগন্তলৈ" শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।