মুখ্য-পৃষ্ঠা

ঢকুৱাখনাৰ এক্টিং একাডেমীৰ গ্ৰীষ্মকালীন কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: পুথিগত শিক্ষাৰোপৰি সুকুমাৰ কলাৰ উত্তৰণমুখী বিদ্যাৰে নৱ প্ৰজন্মক উদ্ভাসিত কৰাৰ জনমুখী পদক্ষেপ গ্ৰহণৰ অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা এক্টিং একাডেমী। একাডেমীৰ নৱম বাৰ্ষিক গ্ৰীষ্মকালীন অভিনয় কৰ্মশালাৰ বুধবাৰে বৰ্ণিল পৰিসমাপ্তি ঘটে। এই কৰ্মশালাৰ সামৰণি উপলক্ষত বুধবাৰে ঢকুৱাখনা জনজাতি কৃষ্টি ভৱন প্ৰাংগনত অনুষ্ঠিত কৰা হয় সামৰণি সাংস্কৃতিক অনুষ্ঠান।

একাডেমীৰ শুভাকাংক্ষী গায়ত্ৰী দলেয়ে আঁত ধৰা সামৰণি অনুষ্ঠান শুভাৰম্ভ কৰা হয় এক্টিং একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ এটি শ্ৰুতিমধুৰ বৃন্দ গানেৰে। ইয়াৰ পাছতে চমু শুভেচ্ছামূলক বক্তব্য আগবঢ়াই নাট্যকাৰ হেমন্ত বৰপাত্ৰ গোহাঁই , নাট্যকাৰ ,অভিনেতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোঁহাইয়ে। জনাকীৰ্ণ সামৰণি অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে প্ৰবীণ শিক্ষাবিদ, নাট্যকাৰ চুকাফা বঁটা প্ৰাপক ডঃ পুষ্প গগৈয়ে। গগৈয়ে নাট্য শিল্পৰ উত্তৰণ আৰু ভৱিষ্যত সন্দৰ্ভত অভিজ্ঞতামূলক পৰামৰ্শ আগবঢ়াই বক্তব্য ৰাখে।

চিত্ৰকাৰ,নাট্য শিল্পী সূৰ্য বৰুৱা, একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি অমিয় কুমাৰ সন্দিকৈ,কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ভাস্কৰ বৰুৱা ,বিশিষ্ট বীণ বাদক বিহুৱা বুধেশ্বৰ কোঁৱৰ আদি উপস্থিত থাকে । সামৰণি অনুষ্ঠানত মুঠ ১৭০ শিক্ষাৰ্থীৰ সৃষ্টিশীল নৃত্য , নাট্যৰ হৃদয়স্পৰ্শী উপস্থাপনে উপস্থিত দৰ্শক শ্ৰোতাক সন্মোহিত কৰে। অনুষ্ঠানত ঢকুৱাখনৰ ভাস্কৰ বৰুৱাৰ ৰচনা পৰিচালনাৰে "সঁচা সপোন" আৰু "মলখু" আৰু গৌৰৱ বৰুৱাৰ ৰচনা আৰু ভবেন তামূলীৰ পৰিচালনাৰে " ভগ্নাংশ" নাটৰ সফল আৰু মনোমোহা মঞ্চায়ন কৰা হয় ।