মুখ্য-পৃষ্ঠা

বিহপুৰীয়াৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহপুৰীয়া: বিহপুৰীয়াত ড্ৰাগছ ব্যৱসায়ৰ মাষ্টৰমাইণ্ড নিৰঞ্জন পেগুক শনিবাৰে বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বিহপুৰীয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বিহপুৰীয়াৰ দুই নম্বৰ দহঘৰীয়াৰ নিজা বাসগৃহৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে নিৰঞ্জন পেগুক ।

বিহপুৰীয়াৰ দুই নম্বৰ দহঘৰীয়াক কেন্দ্ৰ কৰি নিৰঞ্জনে গঢ়ি তুলিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। অঞ্চলটোৰ বহু যুৱকক অৰ্থৰ লোভ দেখুৱাই ড্ৰাগছ সৰবৰাহত জড়িত কৰাইছিল নিৰঞ্জনৰ লগতে আন একাংশ সৰবৰাহকাৰীয়ে। ইতিমধ্যে এই সম্পৰ্কত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন ডিজিটেলত ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে নিৰঞ্জনক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বিহপুৰীয়া আৰক্ষী থানাৰ পৰা দহ কিলোমিটাৰ আৰু বদতিঘাট নদী আৰক্ষী থানাৰ পৰা দুই কিলোমিটাৰ দুৰত্বত অৱস্থিত দুই নম্বৰ দহঘৰীয়াত গঢ়ি উঠিছে মাৰাত্মক ড্ৰাগছৰ বিশাল সাম্ৰাজ্য ৷ বিহপুৰীয়া আৰক্ষীয়ে তৎপৰতাৰে আজি নিৰঞ্জনক গ্ৰেপ্তাৰ কৰিছে যদিও আৰু বহুকেইটা সৰবৰাহকাৰী এতিয়াও আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে ৷

বিহপুৰীয়াৰ বদতি জামুগুৰি গাওঁৰক্ষী বাহিনীৰ নেতৃত্বত এদল যুৱকে ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি অঞ্চলতো ড্ৰাগছ মুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই বেহা বৰ্তামানেও ৰোধ কৰিব পৰা নাই। আনহাতে মিচিং জাতীয় সংগঠনৰ লগতে দুই নম্বৰ দহঘৰীয়াৰ একাংশ সচেতন যুৱকেও এই বেহা ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ৰাইজে বিহপুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী ভূমিকাৰ শলাগ লৈছে ৷