koliabor  
মুখ্য-পৃষ্ঠা

কলিয়াবৰত ৱে’গনাৰ বাহনত বহু লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ...

উদ্ধাৰ কৰা হৈছে ১৬ টাকৈ ড্ৰাগছৰ পেকেট

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোলত দেওবাৰে বিয়লি জব্দ হয় বুজন পৰিমাণৰ ড্ৰাগছ । কুঁৱৰীটোল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এখন পৰিত্যক্ত ৱেগ’নাৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে ১৬ টাকৈ ড্ৰাগছৰ পেকেট ।

বাহনখনত গোপনে লুকুৱাই অনা ড্ৰাগছখিনিৰ ওজন কন্টেইনাৰসহ ৬৭০ গ্ৰাম বুলি জানিব পৰা গৈছে। চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল নাথৰ গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰু চুলুং আৰক্ষীৰ অভিযানত জব্দ হয় ড্ৰাগছখিনি।

কলিয়াবৰ আৰক্ষী থানাৰ সমীপতে বাহনখনৰ গৰাকীয়ে বাহনখন এৰি থৈ পলায়ন কৰে। নগাঁও অভিমুখী এ এছ ০৩ এ জে ১২৩০ নম্বৰৰ ৱেগ’নাৰ বাহনৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবালক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে জানিব দিয়ে।

বাহনখনৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰি কিছু নথি পত্ৰত ধিং আৰক্ষী থানাৰ অন্তৰ্গত বেচামাৰীৰৰ আনুৱাৰ হুছেইন নামৰ লোকজনৰ নামত ৱেগ’নাৰ বাহনখন পঞ্জীয়ন ভুক্ত হৈ আছে।