মুখ্য-পৃষ্ঠা

গুদামঘাটত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰ জিলাৰ গুদামঘাটত চাৰিদুৱাৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। নিশা অভিযানত গুদামঘাটৰ এখন ঘৰৰ পৰা আৰক্ষীয়ে ৪৮ টা কৈ ড্ৰাগছ ভৰ্টি কন্টেইনাৰ জব্দ কৰে ৷

ঘটনা সন্দৰ্ভত বিপুল ইছলাম আৰু বাপন কলিতা নামৰ দুজন যুৱকক আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে। আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০০০০ হাজাৰ টকা ৷

উল্লেখ্য যে অভিযান কালত চাৰিদুৱাৰ আৰক্ষীয়ে দুটা ম'বাইল ফোন আৰু ১৭০০০ হাজাৰ নগদ টকাও জব্দ কৰে ।

Also read:নমো!