মুখ্য-পৃষ্ঠা

অইলৰ হঠকাৰী সিদ্ধান্ত! দুলীয়াজান কঁপালে ৮ জাতীয় সংগঠনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূবৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে। প্ৰতিষ্ঠা কালৰে পৰা দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰাই অইলে সকলো কাম-কাজ পৰিচালিত কৰি আহিছে। কিন্তু শেহতীয়াকৈ অইলৰ এক হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে অসমৰ জাতীয় সংগঠনৰ লগতে সচেতন জনতা।

দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱা বুলি খবৰ ওলাইছে । দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিচত নয়দালৈ স্থানান্তৰ কৰাৰ প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে অইলে।

বিগত কেইবাদিনো ধৰি দুলীয়াজানত এই সিদ্ধান্তক লৈ প্ৰতিবাদ অব্যাহত থকাৰ পাছতে সোমবাৰে এই প্ৰতিবাদ অধিক তীব্ৰতৰ হয়। সোমবাৰে টাই আহোম যুৱ পৰিষদ অসম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম আদীবাসী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,  অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

দুলীয়াজানৰ অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখত আঠটাকৈ জাতীয় সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আঠটাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অইল কতৃপক্ষই অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল নকৰিলে আগন্তুক দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নী প্ৰদান কৰিছে।