মুখ্য-পৃষ্ঠা

সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় নির্বাচন আয়োগে লোকসভা নির্বাচনৰ ১ জুনত হ'বলগীয়া সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে মঙলবাৰে অধিসূচনা জাৰি কৰিছে। এই পর্যায়ত ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব।

এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খন, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্রীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব।

এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৪ মে'। মনোনয়ন পত্রসমূহ ১৫ মে'ত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ১৭ মে ধার্য কৰা হৈছে।

উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টিতো এই পর্যায়তে নির্বাচন অনুষ্ঠিত হ'ব।