মুখ্য-পৃষ্ঠা

'মহাদেৱ'ৰ বাবেই গুৱাহাটীত ৮ঘন্টা ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বলিউদৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ইয়াৰে অধিক সংখ্যক অভিনেতা অভিনেত্ৰীক মুম্বাইতে ইডিয়ে তদন্তৰ জেৰা কৰিছে যদিও লক্ষ্যণীয়ভাৱে বলিউদৰ মোহময়ী অভিনেত্ৰী তমন্নাক ই ডিয়ে গুৱাহাটীৰ কাৰ্যালয়লৈ তলব কৰিছিল।

মুম্বাইত ই ডিয়ে বহুকেইবাৰ অভিনেত্ৰীগৰাকীক তলব কৰিছিল যদিও তেওঁ উপস্থিত হোৱা নাছিল। অৱশেষত হঠাতে ১৭অক্টোবৰ, ২০২৪ত মাতৃৰ সৈতে আহি গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ই ডি কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী।

দিনৰ প্ৰায় ২বজাৰ নিশালৈকে প্ৰায় ৮ঘন্টা সময়ত ই ডিয়ে জেৰা কৰে অভিনেত্ৰীগৰাকীক। যথেষ্ট ভাগৰুৱা হৈ নিশা প্ৰায় ১১বজাত ই ডি ৰ কাৰ্যালয়ৰ পৰা ওলাই আহে অভিনেত্ৰীগৰাকী।

কাৰ্যালয়ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নকৰিলে তামান্নাই। নিশাটো হোটেল ৰেডিছন ব্লুত কটাই কাইলৈ উভতি যাব মোহময়ী অভিনেত্ৰী গৰাকী। উল্লেখ্য যে এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰীগৰাকী ৷ পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ই ডিয়ে চমন দিছিল তামান্নাক ।