মুখ্য-পৃষ্ঠা

প্ৰতিকূল বতৰকো নেওচি নগাঁৱত সমাপন ঈদৰ নামাজ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা। সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন ঈদগাহসমূহত সোমবাৰে সমূহীয়া ঈদ উল আজাহাৰ নামাজ আদায় কৰা হয়।

প্ৰতিকূল বতৰকো নেওচি বৃহত্তৰ অঞ্চলৰ হেজাৰ হেজাৰ ইছলাম ধৰ্মী লোকসকল ঈদগাহ ময়দানত উপস্থিত হৈ সমূহীয়া ঈদ উল আজাহাৰ নামাজ সম্পন্ন কৰে। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বাটমাৰী, সোনাইবেৰা, কদমনী, হাইডুবী, ভোমোৰাগুৰি, জাজৰি কটহগুৰি, টুকটুকী, ধনীয়াভেটি আদি অঞ্চলত ঈদ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। নামাজৰ অন্তত বিশ্ব শান্তিৰ কাৰণে নেদেখাজনৰ ওচৰত দোৱা কৰা হয়।