মুখ্য-পৃষ্ঠা

পাটনাৰ মাজ আকাশত চৰাই-স্পাইচ জেট বিমানৰ সংঘৰ্ষ, জ্বলি উঠিল ইঞ্জিন, তাৰপিছত কি হ’ল…

asomiyapratidin

ডিজিটেল ডেস্ক: স্পাইচ জেটৰ ইন্দোৰ-দিল্লী যাত্ৰীবাহী বিমানত জুই। এটি চৰাইত খুন্দা মৰাৰ ফলত জুই লাগে বিমানখনৰ বাঁওফালৰ ইঞ্জিনত।

বিমানখনত আছিল ১৮৫ জন যাত্ৰী। বিমানখনৰ ইঞ্জিনৰ ৩ খন পাখি অগ্নিকাণ্ডত ধ্বংস হয়। পায়লটে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে এয়াৰ ট্ৰেফিক কন্ট্ৰল অথৰিটিৰ লগত যোগাযোগ কৰে।

তাৰপাছতেই পাটনাত জৰুৰীভাৱে অৱতৰণ কৰা হয় বিমানখন। পায়লটসহ সকলো যাত্ৰীকে সুৰক্ষিত অৱস্থাত বিমান বন্দৰৰ কৰ্মীয়ে উদ্বাৰ কৰে। ৰবিবাৰে বিয়লি ২ বজাৰ পূৰ্বে সংঘটিত হয় এই ঘটনা।