মুখ্য-পৃষ্ঠা

এগৰাকী নহয়, দুগৰাকীক পাতিব লাগিব বিয়া! নহ'লে যাৱজ্জীৱন জেল..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আমাৰ দেশত এগৰাকী পত্নী থকাৰ পাছতো দ্বিতীয় বিবাহ কৰিল সেয়া বেআইনী বুলি গণ্য কৰা হয়। কিন্তু আপোনাক আজি এনে দেশৰ বিষয়ে জনাম, যি দেশত দুগৰাকীক বিয়া কৰোৱাতো নিয়ম। এনে নকৰিলেহে সেই দেশখনত আইনৰ ৰোষত পৰিব লগা হয়।

আফ্ৰিকাৰ দেশ ইৰিট্ৰিয়াত আছে এই বিশেষ নিয়ম। এই দেশখনত এগৰাকী পুৰুষে দুগৰাকী মহিলাক বিয়া কৰোৱাতো নিয়ম। যদি এই নিয়ম ভংগ কৰে তেন্তে এগৰাকী লোকৰ জেল হোৱাৰ উপৰিও বুজন পৰিমাণৰ জৰিমনা বিহা হয়। যদিহে প্ৰথমা পত্নীয়েও স্বামীক দ্বিতীয় বিবাহৰ বাবে বাধা দিয়ে, তেন্তে সেই পত্নীয়েও আইনৰ বিশেষ ধাৰা অনুসৰি অভিযুক্ত বুলি গণ্য কৰা হয়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, যদিহে পুুৰুষসকলে এই দেশত দুবাৰ বিয়া নাপাতে তেন্তে যাৱজ্জীৱন কাৰাদণ্ডৰ দৰে কঠোৰ শাস্তি বিহাৰো দৃষ্টান্ত আছে। অৱশ্যে এনে নিয়ম কৰি দিয়াৰ আঁৰতো আছে এটা বিশেষ কাৰন।

দৰাচলতে দেশখনত পুৰুষতকৈ মহিলাৰ জনসংখ্যা দুগুণ। ২০২৪ জানুৱাৰীত দেশখনৰ জনসংখ্যা আছিল ৩.৭৮মিলিয়ন। ইয়াৰে পুৰুষতকৈ মহিলাৰ সংখ্যা প্ৰায় দুগুণ। ইয়াৰোপৰি দৰিদ্ৰতাৰ সৈতে যুঁজ দি থকা দেশখনত এনে কিছু আজৱ নিয়ম প্ৰস্তুত কৰি আহিছে চৰকাৰে।