মুখ্য-পৃষ্ঠা

EXCLUSIVE সাক্ষাৎকাৰঃ চৰকাৰ আহিলে ‘কা’ বাতিলৰ প্ৰস্তাৱ লোৱা হ’ব বিধানসভাতঃ ৰাহুল গান্ধী…

asomiyapratidin

মহাজোঁটৰ চৰকাৰ অসমত হ'লে কা প্ৰযোজ্য নকৰিবলৈ বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হব। প্ৰতিদিন টাইমেৰে হোৱা এক আছুতীয়া সাক্ষাতকাৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে জনালে যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ভাল ফলাফল লাভ কৰিব।

প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ সৈতে হোৱা সেই আছুতীয়া সাক্ষাতকাৰৰ সম্পাদিত লিখিত ৰূপ-

প্ৰতিদিন টাইমঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটৰ ফলাফল কি হ'ব? কিমান আসন লাভৰ সম্ভাৱনা আছে? কিছুদিনৰ আগলৈকে কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰিব পৰা নাছিল। কিন্তু শেহতীয়াকৈ শক্তিশালী যুঁজ দিছে মহাজোঁটে। এয়া কেনেকৈ সম্ভৱ হৈছে?

ৰাহুল গান্ধীঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ ফলাফল ভাল হব। ফলাফলৰ পূৰ্বানুমান নকৰো। ইতিবাচক আৰু সক্ৰিয়ভাৱে আমি নিৰ্বাচনত অৱৰ্তীণ হৈছো। ফলাফল ভৱাধৰণে হ'বই। কংগ্ৰেছে বিজেপি আৰু এন ডি এৰ বিৰুদ্ধে যোৱা ৫বছৰে শক্তিশালীভাৱে যুঁজ আগবঢ়াই আহিছে। মই কবলৈ বেয়া পাইছো যে, সংবাদমাধ্যমত ইয়াৰ সঠিক প্ৰচাৰ হোৱা নাই। এইবাৰ অসমত আমি জয়ী হোৱা প্ৰধান কাৰন দুটা। এটা হল নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি, দ্বিতীয়টো হল অসমবাসীৰ ওপৰত বিজেপিয়ে ভাষা-সংস্কৃতি বিৰোধী কা জাপি দিছে। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ইতিবাচক আৰু দূৰদৃষ্টি সম্পন্ন মিছনৰ জৰিয়তে অহা ৫বছৰৰ কাৰ্যপন্থা ৰূপায়ন কৰিছে। মহাজোঁটে সকলো শ্ৰেণীৰ লোকৰ সহাঁৰি পাইছে, ইয়াৰ বিপৰীতে বিৰোধীয়ে নিকৃষ্ট ৰাজনীতিৰে নিৰ্বাচনত অৱৰ্তীণ হৈছে।

প্ৰতিদিন টাইমঃ কংগ্ৰেছে ৫ গেৰান্টীৰে এইবাৰ নিৰ্বাচনত অৱৰ্তীণ হৈছে। এই ৫ গেৰান্টী ৰ অৰ্থ কি?

ৰাহুল গান্ধীঃ চত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত আমি এই পৰীক্ষা চলাই সফল হৈছো। উক্ত ৰাজ্য তিনিখনত আমি যি আশ্বাস দিছিলো চৰকাৰ গঠনৰ পাছত আখৰে আখৰে পালন কৰিছো। অসমতো মহাজোঁটৰ চৰকাৰ হলে এই ৫ গেৰান্টী বাস্তৱত ৰূপায়িত কৰা হব। অসমৰ বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিদৰে ৰাইজক প্ৰৱঞ্চনা কৰিছে সেয়া সকলোৱে দেখিছে। নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ থাকিল। ২৫লাখ নিবনুৱাক তেওঁলোকে সংস্থাপনৰ আশ্বাস দিছিল। যোৱা ৫বছৰত ২৫লাখ সংস্থাপনৰ বিষয়টো কি হ'ল ? বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আজি অসমৰ ৰাইজ বীতশ্ৰদ্ধ হৈ পৰিছে। বিজেপিৰ এনে প্ৰতাৰণা, প্ৰৱঞ্চনাৰ বিপৰীতে আমি ৫টা গেৰান্টীৰ কথা কৈছো, সেই গেৰান্টী চৰকাৰ গঠনৰ পাছতেই বাস্তাৱাতিত কৰা হব। আমি বহু প্ৰতিশ্ৰুতি দিয়া নাই। অসমৰ মূল সমস্যাৰ হৃদয়ংগম কৰি ৫টা প্ৰধান আশ্বাস দিয়া হৈছে। আমি জানো যে, ৰাজ্যিক বাজেট অনুসৰিহে কাম কৰিব পাৰি। সেয়েহে আমি ২৫লাখ নিবনুৱা সংস্থাপনৰ কথা নকৈ ৫লাখ নিবনুৱা সংস্থাপনৰ কথা কৈছো। কৃষকৰ ঋণ ৰেহাইৰ কথা কোৱা হৈছে। চত্তীশগড়ৰ আৰ্হিতেই আমি কাম কৰিব খুজিছো। ৫গেৰান্টী ৰাজ্যৰ বিভিন্ন মানুহৰ সৈতে কথা পাতি প্ৰস্তুত কৰা হৈছে। এয়া কাৰ্যকৰী কৰাটো নিশ্চিত।

প্ৰতিদিন টাইমঃ কংগ্ৰেছৰ পৰা ৫লাখ চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস দিয়া হৈছিল। এয়া সম্ভৱনে?

ৰাহুল গান্ধীঃ আপোনালোকে যদি অন্য ৰাজ্যলৈ চায়, দেখিব পাঞ্জাৱ, হাৰিয়ানা আদিৰ তুলনাত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা কম। অথচ এই ৰাজ্যবোৰৰ জনসংখ্যা অসমৰ সৈতে প্ৰায় সমান। অসম চৰকাৰে বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰা না্ই। গতিকে অসমৰ বিভাগসমূহত খালী হৈ থকা পদত নিযুক্তি দিয়াৰ সৈতে অকল সংস্থাপনৰ কথাই জড়িত হৈ থকা নাই। ইয়াৰ সৈতে জড়িত হৈ আছে অসমৰ উন্নয়নৰ প্ৰসংগও। অসমত এনে এটা বিভাগ নাই যত পৰ্যাপ্ত বিষয়া-কৰ্মচাৰী অভাৱ হোৱা নাই। অসম চৰকাৰে আনকি অনুমোদিত পদতো নিযুক্তি দিয়া নাই। নতুন পদ সৃষ্টি কৰাটো দূৰৰে কথা। এতিয়া আমাৰ প্ৰশ্ন হ'ল- অসমৰ বিজেপি চৰকাৰে কিয় খালী পদসমূহ পূৰণ কৰা নাই? কিয় নতুন পদ সৃষ্টি কৰা নাই? ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ বাবে কিয় কাম কৰা নাই? আমি দেখিছো যে, অসমৰ বিজেপি চৰকাৰৰ বুজন পৰিমাণৰ ধন নিৰ্দিষ্ট কিছুমান ঠিকাদাৰী প্ৰতিষ্ঠান আৰু গুজৰাটৰ ব্যৱসায়ীক প্ৰদান কৰিছে। প্ৰথম কথা, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠনৰ পাছতেই এইবোৰ বন্ধ কৰা হব। এইদৰে ধনৰ ৰাহি কৰি নতুন চাকৰি সৃষ্টি কৰিব পৰা যাব। ৫বছৰত ৫লাখ চাকৰি সৃষ্টি কৰাটো অসম্ভৱ কথা নহয়। বিজেপিয়ে ৰাইজক দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ দৰে এয়া নহয়।

প্ৰতিদিন টাইম বিজেপিয়ে পুনৰ শাসনলৈ আহিলে চাহ শ্ৰমিকক ৩৫১ টকাকৈ মজুৰি প্ৰদানৰ আশ্বাস দিছে । তদুপৰি  শেহতীয়াকৈ ৫০ টকা বৃদ্ধি কৰিছিল যদিও সেয়া আদালতৰ মজিয়া পাইছে । আনহাতে কংগ্ৰেছ শাসনলৈ আহিলে ৩৬৫ টকালৈ মজুৰি বৃদ্ধিৰ আশ্বাস দিছে । এয়া কিদৰে সম্ভৱ হ'ব ।

ৰাহুল গান্ধী কেৰেলাত যদি চাহ শ্ৰমিকে ৩৮০ টকাকৈ মজুৰি লাভ কৰিব পাৰে তেন্তে অসমত ৩৬৫ টকা লাঊভ কৰিব নোৱাৰাৰ কাৰণ কি ? অসমৰ চাহ শ্ৰমিকে কেৰেলাৰ চাহ শ্ৰমিকৰ তুলনাত কমকৈ পৰিশ্ৰম নকৰে । চাহ শ্ৰমিক সকলক আমি ৩৬৫ টকালৈ মজুৰি দিয়াটো নিশ্চিত । আমাৰ চৰকাৰ গঠন হ'লে শৰ্মিকে ৩৬৫ টকাকৈ মজুৰি পোৱাৰ সমান্তৰালকৈ চাহ উদ্যোগকো পুনৰুজ্জীৱিত আৰু সুৰক্ষিত কৰা হ'ব । আমি অসমৰ চাহ বাগিছাৰ পৰিস্থিতি তথা সমগ্ৰিক বিষয় অধ্যয়ন কৰিহে ৩৬৫ টকাৰ মজুৰিৰ কথা কৈছো । আমি ভাবো- চাহ শ্ৰমিক সকলক দীৰ্ঘদিন ধৰি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে । তাৰ এত্য়া অন্ত হ'ব লাগিব । আমি অৰ্থনীতি বুজি পাওঁ । কিন্তু বিজেপিয়ে অৰ্থনীতি বুজি নাপায় । জিএছটি আৰু বিমুদ্ৰকৰণে ভাৰতৰ অৰ্থনীতি ধংস কৰি পেলালে । ভাৰতীয় অৰ্থনীতিৰ ভেটি তচনচ কৰি দিলে । সকলোৰে জেপৰ পৰা ধন উলিয়াই আনিলে অৰ্থনীতি কিদৰে আগবাঢ়িব? ২০০৪ চনতো দেশৰ অৰ্থনৈতিক ব্যৱস্থা আজিৰ দৰে নাছিল ?। সেই সময়ত অসমলৈ আহিয়েই আমি এম জিএনৰেগা আৰম্ভ কৰিছিলো । তেতিয়া সংবাদ মাধ্যমে আমাক সমালোচনা কৰিছিল । কিন্তু এমজি এনৰেগাৰ জৰিয়তে গ্ৰামাঞ্চলৰ অৰ্থনীতিও আগবাঢ়িবলৈ ধৰিলে । মানুবহৰ জেপলৈ ধন আহিল । তাৰ লগে লগে চহৰৰ অৰ্থনীতিও আগবাঢ়িবলৈ ধৰিলে । আঁচনিখন আৰম্ভ কৰাৰ সময়ত সমালোচনা কৰা সকলে দিবছৰ পিচত আমাক প্ৰশংসা কৰিবলৈ বাধ্য হ'ল। এতিয়া পুনৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছে । এই স্থবিৰ অৰ্থনীতিক গতি দিব পাৰিব আমাৰ পাঁচ গেৰান্টিয়ে । কংগ্ৰেছ চৰকাৰে ৰাজ্যখনলৈ শান্তি আনিব । তাৰ পিচত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যা বোৰ সমাধান কৰিব ।

প্ৰতিদিন টাইম উজনি অসমত আপোনালোকে চাহ শ্ৰমিকৰ ভোট লাভৰ বাবে চেষ্টা চলোৱাৰ সমান্তৰালকৈ 'কা' বিৰোধী স্থিতিৰে ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাইছে । তাৰ বিপৰীতে নামনি অসমত এআইইউডিএফৰ সৈতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াৰ দ্বাৰা সফলকতা আহিবনে ?

ৰাহুল গান্ধী কংগ্ৰেছ নেতৃত্বধীন মহাজোঁট হ'ল দহটাকৈ দলৰ মঞ্চ । মহাজোঁটে অসমৰ সকলো প্ৰান্তৰ তথা সকলো শ্ৰেীৰ লোকৰ সমৰ্থন কৰিছে । গতিকে আমি কোনো এটা দল বা মঞ্চক বেছি গুৰুত্ব দিয়া নাই । আমি যদি গুৰুত্ব দিছো তেন্তে পাঁচ গেৰান্টিক দিছো ।

প্ৰতিদিন টাইম –নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত আঞ্চলিক শক্তি  মহাজোঁটত চামিল নহ'ল । নিৰ্বাচনৰ পিছত তেনে আঞ্চলিক দলৰ সৈতে মিত্ৰতা হ'ব পাৰে নেকি ?

ৰাহুল গান্ধী গনতন্ত্ৰ ৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত সমভাবাপন্ন দলৰ সৈতে মিলি মহাজোঁট গঠন কৰা হৈছে ?। আমাৰ লক্ষ্য হ'ল – বিজেপি আৰু আৰএছএছৰ যি আদৰ্শ তাক পৰাস্ত কৰা । ভাতৃত্ববোধ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে যুঁজ দিয়া সকলো দলক লৈ আমি অগ্ৰসৰ হ'ম ।

প্ৰতিদিন টাইম আপুনি নৰেন্দ্ৰ মোডীক ধাৰাবাহিকভাৱে মিছলীয়া আখ্যা দি আহিছে । কিন্তু তাৰ বিশেষ প্ৰভাব দেখিবলৈ পোৱা নাই ?

ৰাহুল গান্ধী অহা ২ মে'ত ইয়াৰ প্ৰভাৱ সকলোৱে দেখিবলৈ পাব ।

প্ৰতিদিন টাইম বিজেপিত দুজনকৈ মুখ্যমন্ত্ৰী পদৰ শক্তিশালী নেতা আছে । তেওঁলোক হ'ল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা । কিন্তু কংগ্ৰেছ দলত সেয়া দেখিবলৈ পোৱা নাই কিয় ?

ৰাহুল গান্ধী তেওঁলোক বিজেপিৰ বাবে সম্পদ নহয়,বোজাহে । আমাৰ দলত অভিজ্ঞতা সম্পন্ন বহু নেতা আছে । নিৰ্বাচন সম্পন্ন হোৱাৰ পিচত বিধায়ক সকলে মিলি মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব । বিজেপিৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ সকলে আমাৰ পাঁচ লাখ চাকৰিৰ বিপৰীতে আবেদন কৰিব পাৰিব ।

প্ৰতিদিন টাইম এইবাৰৰ নিৰ্বাচনত আপোনাৰ দৃষ্টিত আটাইতকৈ ডাঙৰ ইছ্যু কি ?

ৰাহুল গান্ধী নিবনুৱা আৰু কা বলবৎ হোৱাটো সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ ইছ্যু। কিন্তু ভয়াবহ মূল্যবৃদ্ধিৰ বিষয়টোও ৰাইজক জলাকলা খুবাইছে । পুঁজিপতি সকলে সম্পদৰ ওপৰত চলোৱা লুণ্ঠনৰ পৰিণতিত বিভিন্ন সমগ্ৰীৰ দাম অভাবনীয়ভাবে বৃদ্ধি পাইছে । পট্ৰ'ল,ডিজেল, ৰন্ধন গেছ, শাক-পাচলি,দাইল আদি সকলো সমগ্ৰীৰ মূল্যবৃদ্ধিয়ে অসমৰ ৰাইজক ত্ৰাহি মধুসূদন সোঁৱৰাইছে । অসমৰ বহু লোকে মোৰ ওচৰত এই বিষয়ে অভিযোগ দাখিল কৰিছে । কংগ্ৰেছ দলৰ পাঁচ গেৰান্টিৰ জৰিয়তে সৰ্বসাধৰণৰ জেপত ধন দিয়াৰ পিচত এই সমস্যা লাঘৱ হ'ব । পাঁচ গেৰান্টিৰ জৰিয়তে স্থবিৰ হৈ পৰা অৰ্থনীতি গতিশীল হ'ব ।

প্ৰতিদিন টাইম অসমত কংগ্ৰেছ দল শাসনলৈ আহিলে 'কা' বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । সংসদত গৃহিত হোৱা আইন এখন ৰাজ্য চৰকাৰে বাতিল কৰাটো সম্ভৱপৰ হ'ব নে ?

ৰাহুল গান্ধী 'কা' অসমৰ ওপৰত ভয়াবহ আক্ৰমণ । অসমৰ ভাষা –সাহিত্য- সংস্কৃতিৰ ওপৰত ই এক প্ৰচণ্ড মাৰ ।অসমক আক্ৰমণ কৰাৰ এয়া এক বিশেষ কৌশল । অমি এয়া হ'বলৈ দিব নোৱাৰো । অসমত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ চৰকাৰ গঠনৰ পিচতে ৰাজ্যখনত 'কা' প্ৰযোজ্য কৰা নহয় বুলি বিধানসভাত প্ৰস্তাব গ্ৰহণ কৰা হ'ব । এই কথা মই তামিলনাডুত কৈছো । অসম যদি ভাৰত হয়,তেন্তে ভাৰতো অসম হ'ব লাগিব ।এক সন্মানজনক আৰু মৰ্যাদা সম্পন্ন সম্পৰ্ক আমাৰ মাজত গঢ়ি উঠিব লাগিব । দমনমূলক সম্পৰ্ক বন্ধ হ'ব লাগিব । এয়াই বিজেপিৰ সৈতে আমাৰ পাৰ্থক্য । আমাৰ বাবে ভাৰত হ'ল বিভিন্ন ৰাজ্য,বিভিন্ন ভাষা –ভাষী,সংস্কৃতি,ধৰ্মৰ সংমিশ্ৰণ  । সকলো ভাষা, ধৰ্ম,সংস্কৃতি সমভাবে আগবাঢ়িব লাগিব। সি লাগিলে পাঞ্জাব,হাৰিয়ানাই হওক নতুবা অসমেই হওক ।ৱ এটা আদৰ্শই আন এটা আদৰ্শক নস্যাৎ কৰিব নোৱাৰে ।

প্ৰতিদিন টাইম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাইজে ঘৃণাৰ ৰাজনীতিক নসাৎ কৰিছে । বিজেপিয়ে এজন ব্যক্তি তথা এটা নিৰ্দিষ্ট ধৰ্মক লৈ ৰাজনীতি কৰিব খুজিও সফল হ'ব পৰা নাই । এই সন্দৰ্ভত আপুনি কি কয় ?

ৰাহুল গান্ধী – অসম এখন ঐক্য আৰু সমতাৰ ৰাজ্য । উত্তৰ প্ৰদেশত যিকোনো এটা কাম কৰিব পাৰিলেও অসমত কৰিব নোৱাৰে । অসমত যিকোনো কাম কৰিবলৈ গ'লে জুই লাগি যাব । প্ৰথম কথা – সকলোকে একেলগে লৈ তথা সকলোৰে সমস্যা হৃদয়ংগম কৰি আগবাঢ়িব লাগিব । বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোক সকলৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান উলিয়াব লাগিব । ঘৃণাৰ দ্বাৰা কেতিয়াও সমস্যাৰ সমাধান নহয় । ঘৃণাৰ দ্বাৰা উন্নয়ন সম্ভৱ নহয় ।ঐক্য আৰু সমতাৰে আগবাঢ়ি নগ'লে অসম চলিব নোৱাৰে ।

প্ৰতিদিন টাইম– অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কংগ্ৰেছ দলে বিশেষ প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হোৱা নাই ইয়াৰ কাৰন কি?

ৰাহুল গান্ধী – অসমৰ কেইটামান মুখ্য বিষয়তহে আমি প্ৰতিশ্ৰুতি দিছো । কিদৰে অৰ্থনীতি শক্তিশালী হয়.নিবনুৱাই কিদৰে সংস্থাপন লাভ কৰিব পাৰে,সকলোকে একতাৰ ডোলেৰে বান্ধি কিদৰে অগ্ৰসৰ হ'ব পাৰি ,সেই দিশতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছে । নিবনুৱা সমস্যা সমাধান নহোৱাকৈ ৰাজ্য এখন আগবাঢ়িব নোৱাৰে । আজি সংস্থাপনক কেৱন্দ্ৰ কৰি নিবনুৱা সকল হতাশগ্ৰস্ত হৈছে । এইবোৰ সমস্যা সমাধান কৰিব লাগিব ।  

প্ৰতিদিন টাইম– কংগ্ৰেছ দলে গৃহিনীসকলক প্ৰতিমাহে ২০০০ টকাকৈ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বিজেপি অৰুনোদয় আঁচনিৰ অধীনত ৩০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বিজেপিৰ সৈতে আপোনালোকৰ প্ৰতিশ্ৰুতি একে হোৱা নাইনে?

ৰাহুল গান্ধী বিজেপিয়ে প্ৰতিশ্ৰুতি দিলেও সেয়া পালন নকৰে। আমি প্ৰতিশ্ৰুতি মানে সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'বই। চাহ শ্ৰমিকসকলক ৩৬৫ টকাৰ মজুৰি দিয়াৰ কথা হৈছে মানে তেওঁলোকৰৰ চৰকাৰ গঠনৰ পিচৰে পৰাই সোই মজুৰি লাভ কৰাটো নিশ্চিত। কিন্তু বিজেপিয়ে প্ৰতিশ্ৰুতি দিও চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে। আজি দেশৰ অৰ্থনীতিত মূলতঃ দুটা সমস্যাৰ সৃষ্টি হৈছে। প্ৰথম সমস্যা হ'ল- অৰ্থনীতি গতিশীল কৰিবলৈ যোগান ক্ষেত্ৰত ধন দিবই লাগিব। বিজেপিয়ে কয়-  অৰ্থনীতি গতিশীল কৰিবলৈ যোগান ক্ষেত্ৰত ধন দিব লাগিব বুলি। কিন্তু যোগান ক্ষেত্ৰত ধন প্ৰদান কৰিলে জেপত ধন নথকা মানুহে সামগ্ৰী কিদৰে ক্ৰয় কৰিব । আমি কৈছো – ৰাইজৰ হাতত ধন আহিব লাগিহ । জনসাধাৰণৰ জেপত ধন দিলেহে অৰ্থনীতিয়ে  গতিশীলতা লাভ কৰিব । দ্বিতীয়তে  সম্প্ৰতিক সময়ত সমাজত বৃদ্ধি পাইছে অসমতা । একাংশ লোক বুজন পৰিমানৰ ধন- সম্পত্তিৰ গৰাকী হোৱাৰ বিপৰীতে লাখ লাখ লোকৰ হাতত ধন নাই । এই অসমতা দূৰ কৰিব লাগিব ।

প্ৰতিদিন টাইম – দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেনে ফলাফল হ'ব বুলি আপুনি আশা কৰে ?

ৰাহুল গান্ধী – মি ভাবো বিজেপিয়ে অসমৰ মউক্য বিষয়বোৰ ৰাইজৰ মাজলৈ লৈ যাব পৰা নাই । সংস্থাপন,অৰ্থনৈতিক দুৰবস্থা,অৰ্থনৈতিক অসমতা আদি সমস্যাই ৰাজ্যখনক জোকাৰি যোৱাৰ সময়ত বিজেপিয়ে ঘৃণাৰ ৰাজনীতি বিয়পাইছে । গতিকে ৰাইজে বিজেপিক নস্যাৎ কৰাটো নিশ্চিত । অসমৰ সংস্কৃতি,সভ্যতাই বিজেপিক নস্যাৎ কৰিব ।