মুখ্য-পৃষ্ঠা

তিতাবৰত জিলা পৰ্যায়ৰ শিশু বৈজ্ঞানিক প্ৰকল্পৰ প্ৰদৰ্শনী...

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ তিতাবৰস্থিত যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত মঙলবাৰে জিলা পৰ্যায়ৰ শিশু বৈজ্ঞানিকৰ বিভিন্ন প্ৰকল্প আৰু মডেলৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। পুৱা ১০-৩০ বজাত প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত গগৈয়ে ফিটা কাটি জিলাৰ ৫ টা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত মুঠ ২০ টা দলৰ মাজত হোৱা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে।

জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনত প্ৰতিটো দলত ২ জনকৈ মুঠ ৪০ গৰাকী শিশু বিজ্ঞানীয়ে স্বাস্থ্য, পৰিৱেশ অনুকূল্য জীৱন পদ্ধতি, কৃষি, যোগাযোগ আৰু যাতায়তৰ লগতে গণনা কৌশলৰ ধাৰণা শিতানক মূল ধাৰণা হিচাপে লৈ বিভিন্ন ধৰণৰ উদ্ভাৱনীমূলক প্ৰকল্প তথা মডেল প্ৰদৰ্শন কৰে।

এই প্ৰদৰ্শনীত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু ড° জ্যোতি কুমাৰ গগৈ আৰু নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ড° বুধিন্দ্ৰ নাথ শইকীয়াই বিচাৰক হিচাপে উপস্থিত থাকে।

প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত দুয়োগৰাকী বিশিষ্ট বিচাৰকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কিদৰে প্ৰস্তুত হ'ব লাগিব সেই সম্পৰ্কে কিছু আভাস দিয়াৰ লগতে প্ৰতিযোগীতসকলৰ প্ৰচেষ্টাক শলাগ লয়।

প্ৰতিযোগীতাত শ্ৰেষ্ঠ বিবেচিত প্ৰথম দুটা দলে পৰৱৰ্তী পৰ্যায়ত লখিমপুৰ ডায়েটৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক শিশু বৈজ্ঞানিকৰ প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

সমন্বয়ক হিচাপে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা মুকূল ফুকনৰ সামগ্ৰিক ব্যৱস্থাপনাত আয়োজিত প্ৰদৰ্শনীত বিৰিণাশায়েক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শশাংক বুঢ়াগোঁহায়ে প্ৰথম, চৰাইবাহী বালিকা উচ্চ মাধ্যমিকৰ গাৰ্গী বৰাই দ্বিতীয়,কাৱৈমাৰী উচ্চ মাধ্যমিকৰ জুমন দাস আৰু ৰিদিপ দাসে যৌথভাৱে তৃতীয় আৰু তিতাবৰস্থিত চৰকাৰী অভ্যসন উচ বুনিয়াদী বিদ্যালয়ৰ তন্ময় সিনহা আৰু ৰেইছী বৰাই যৌথভাৱে চতুৰ্থ স্থান লাভ কৰে।

উক্ত প্ৰদৰ্শনীত প্ৰৱক্তা নেত্ৰ গগৈয়ে আঁত ধৰা লগতে ৰিজুমনি পায়েঙে শলাগৰ শৰাই আগবঢ়ায়। যোৰহাট জিলাৰ পাঁচটা শিক্ষাখণ্ডৰ পৰা নিৰ্বাচিত বিশখন বিদ্যালয়ৰ তত্বাৱধায়ক শিক্ষক সকলৰ লগতে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা ড° বিষ্ণুপ্ৰিয়া শইকীয়া, কৃষ্ণা দত্ত ডেকা, জুৰি নেওগ আৰু প্ৰৱক্তা কল্পনা হাজৰিকা গগৈ, মন্দাকীনি ডেকা, বিকাশ পেগু,নিপু চাহু, সমীক্ষাৰাণী বৰা, জ্যোৎস্না বৰা,ড° মৌচুমী বৰুৱা, ড° কস্তুৰী কটকী আৰু পূৰবী বৰা উপস্থিত থাকে।