দিল্লীত অজন্তা নেওগৰ গুৰুত্বপূৰ্ণ বৈঠক... 
মুখ্য-পৃষ্ঠা

দিল্লীত অজন্তা নেওগৰ গুৰুত্বপূৰ্ণ বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত উপস্থিত হৈ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগ দিল্লীত অনুষ্ঠিত হবলগীয়া ৪০০ বছৰীয়া জন্ম জয়ন্তী সামৰণি অনুষ্ঠানৰ খাদ্য সমিতিৰ মূৰব্বী।মন্ত্ৰী অজন্তা নেওগৰ সৈতে আন এগৰাকী মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু কমলপুৰৰ বিধায়ক লাচিত বৰফুকনো উপস্থিত আছিল।

মন্ত্ৰী নেওগে তেওঁৰ সতীৰ্থ মন্ত্ৰী আৰু বিধায়কৰ এক বৈঠকতো অংশগ্ৰহণ কৰে। বিজ্ঞান ভৱন ভ্ৰমণৰ লগে লগে মন্ত্ৰীগৰাকীয়ে অসম ভৱনতো খাদ্য সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰে। দিগন্ত কলিতাৰ উপৰিও এই বৈঠকত বিধায়ক ড০ অমিয় কুমাৰ ভূঞা আৰু মানব ডেকাও উপস্থিত থাকে এই বৈঠকত।

এই বৈঠকত লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠানটোৰ বাবে খাদ্য ৰখাৰ ব্যৱস্থা কঠোৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়।

আহোম সেনাপতি বীৰ লাচিতৰ বীৰত্ব আৰু গৌৰৱ বিয়পাবলৈ দিল্লীত আয়োজিত এই বৃহৎ অনুষ্ঠানটো সফল কৰাৰ বাবে সম্পূৰ্ণ ৰূপত প্ৰচেষ্টা চলি আছে। অনুষ্ঠানটো সফল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ চেৰ ত্ৰুটি ৰখা নাই। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।