মুখ্য-পৃষ্ঠা

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনঃ সৰ্বদলীয় বৈঠকৰ অবিহনেই আৰম্ভ কাম-কাজ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হব অষ্টাদশ লোকসভাৰ অধিৱেশন। ২৪জুনৰ পৰা ৩জুলাইলৈকে চলিব এই অধিৱেশন। নৱনিৰ্বাচিত সাংসদসকলেৰ শপত গ্ৰহণৰে আৰম্ভ হব এই অধিৱেশন।

অহা ২৬জুনত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। ইয়াৰ পিছতে ২৭জুনত দুয়োখন সদনক সম্বোধি ৰাষ্ট্ৰপতিয়ে ৰাখিব ভাষণ। উল্লেখ কৰা প্ৰয়োজন যে, মাজৰ ২৯ আৰু ৩০জুনত বন্ধ থাকিব সদনৰ কাম কাজ। মুঠৰ ওপৰত ৮দিনীয়াকৈ অনুষ্ঠিত হব এই অধিৱেশন।

ইফালে অধিৱেশনৰ অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা সাতবাৰৰ সাংসদ ভাতৃহৰি মহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইফালে লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ আগতে সৰ্বদলীয় বৈঠকৰ আয়োজন নকৰাক লৈ বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে চৰকাৰক।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবাৰেই লোকসভাৰ প্ৰথমখন অধিৱেশন আয়োজন কৰাৰ পূৰ্বে সকলো দলৰ নেতাক লৈ চৰকাৰে আয়োজন কৰে সৰ্বদলীয় বৈঠকৰ। কিন্তু এইবাৰ এনে নকৰাৰ আঁৰৰ কাৰণ কি, সেই কথা সদৰি কৰা নাই চৰকাৰে। এই সৰ্বদলীয় বৈঠকত সদনৰ সকলো কাম-কাজত বিৰোধীৰ সহযোগিতা বিচাৰে চৰকাৰে।