মুখ্য-পৃষ্ঠা

চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত বান সাহায্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: মানৱীয় প্ৰমুল্যবোধ আৰু সামাজিক দায়বদ্ধতা ডাঙি ধৰি ৰাইজৰ প্ৰশংসা বুটলিছে বিশ্বনাথ চাৰিআলিৰ মোনাবাৰীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনে।বান ক্ষতিগ্ৰস্ত একাংশ ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰি দুৰ্গত ৰাইজৰ দুখৰ সমভাগী হোৱা চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনৰ পৰিয়ালবৰ্গই সোমবাৰে প্ৰায় ১১০ টা বৰ্ণাত্য পৰিয়ালৰ মাজত চাউল, দালি,মিঠাতেল, আলু,পিয়াজ, নিমখ,,পানী,বিস্কুটকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।

গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰী দলনী গাঁও পঞ্চায়তৰ এলেকাধীন কাৱৈমাৰী,বৰদলনী আৰু কৰ্টেল গাঁৱৰ প্ৰায় ১১০ টা পৰিয়ালৰ মাজত এই বান সাহাৰ্য্য বিতৰণ কৰাৰ কাৰ্য্যসূচীত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনৰ সঞ্চালক কিশোৰ হাজৰিকা, সঞ্চালিকা স্নিগ্ধা জ্যোতি গোস্বামীৰ লগতে ফাউণ্ডেছনৰ ১১ গৰাকী সদস্যই অংশগ্ৰহণ কৰে।

উক্ত ফাউণ্ডেছনৰ এই মানবীয় প্ৰমুল্যবোধ, আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাক শলাগ লৈছে বাকৰী দলনী গাঁও পঞ্চায়তৰ সচেতন ৰাইজে।উক্ত কাৰ্য্যসূচীত ফাউণ্ডেছনৰ বিষয়ববীয়াৰ সৈতে উপস্থিত থাকি সহযোগিতা আগবঢ়াই গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া প্ৰমুখ্যে একাংশ সাংবাদিকে।

উল্লেখযোগ্য যে-চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনে বিভিন্ন সময়ত দুৰ্গত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে সমাজৰ হকে বিভিন্ন উন্নয়ণমূলক কাম কৰি আহিছে।