মুখ্য-পৃষ্ঠা

গহপুৰত খহনীয়াৰ কালৰূপঃ সলনি হৈছে কেইবাখনো গাঁৱৰ মানচিত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গহপুৰঃ ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াৰ ফলত গহপুৰৰ ৰাওনামুখত সংকুচিত হৈছে ভূমি। চিন্তিত হৈ পৰিছে নৈপৰীয়া জনতা। উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই খহনীয়াৰ ফলত সলনি হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ কেইবাখনো গাঁৱৰ মানচিত্ৰ। স্থানান্তৰ কৰিব লগা হয় বাসগৃহ, কৃষিভূমি যাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত।

ৰাওনামুখত চপৰাচপৰে খহিছে নৈৰ গৰা। নৈপৰীয়া মিচিং জনগোষ্ঠীয় লোকসকলে যথেষ্ট শংকাত জীৱন যাপন কৰিব লগা হৈছে। কিয়নো কোন মূহুৰ্তত গড়া খহাই আহি নৈখনে ঘৰৰ পিৰালী চোৱে তাৰ নিশ্চয়তা নাই। শংকাত জীৱল যাপন কৰিছে স্থানীয় ৰাইঝে। গাঁৱৰ যুৱসমাজে চৰকাৰলৈ গড়াখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।