মুখ্য-পৃষ্ঠা

পশ্চিম নলবাৰীত বানাক্ৰান্তক লৈ হেতালি: জলসম্পদ বিভাগৰ বিষয়া আৰু বিজেপি নেতাক তিৰস্কাৰ বানাক্ৰান্তৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ বানাক্ৰান্তক লৈ প্ৰতি বছৰে হেতালি খেলি অহাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। এনে অভিযোগৰ মাজতে যোৱা পৰহি নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু লগত যোৱা বিজেপি নেতা পবিত্ৰ ডেকাক ৰাইজে ককৰ্থনা কৰি খেদি পঠিয়াই।

এইবাৰো পুনৰ সংহাৰী বানৰ কবলত পৰিছে ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী অঞ্চলৰ কেইবাখনো গাঁও। সমষ্টিটোৰ মাজেৰে যোৱা বুঢ়াদিয়া নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বোৱাত কেবাঠাইতো নৈখনৰ ভগ্ন মথাউৰিৰে হোৰা-হোৰে পানী সোমাত ৰাইজৰ বিলাই-বিপত্তি নোহোৱা হৈছে।

খৰালিৰ ছমাহ হাত সাবতি বহি থকা জলসম্পদ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আওকনীয়া স্থিতি লোৱাত ৰাইজ পুনৰ বানকলৈ ভয়ংকৰ বিপদৰ মুখামুখি হ'ব লগা হৈছে। পূৰ্বৰ বানে মথাউৰি ছিগি নিয়াৰ পিছত সময়মতে মথাউৰিৰ কাম নকৰাৰ ফলত পশ্চিম নলবাৰীৰ নৈ পৰীয়া ৰাইজে পুনৰ বান পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে।

বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে মথাউৰিৰ বহু কেইটা অংশত চৰম ভাবুকি অনাৰ লগতে যোৱা নিশা নৈখনৰ উত্তৰ পাৰৰ পূৰ্নিৰ তিনি অংশত ভগ্ন মথাউৰিৰে পানী বাগৰি পৰাত জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্নি, নপাৰা, খটনিয়াপাৰা,সাহপুৰ,নদলা,গামাৰিমুৰি,বৰবৰাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে।

পৰহি পুৱাৰ ভাগত এনে বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা নলবাৰীৰ জলসম্পদ বিভাগৰ বিষয়াক ক্ষব্ধ ৰাইজে জবাবদিহি কৰি খেদি পঠিয়ায়। বছৰে উন্মুক্ত হৈ থকা  বুঢ়াদিয়া নদীৰ মথাউৰিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা সংশ্লিষ্ট বিভাগটোৱে সিদিনা ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ যোৱা বিষয়া কৰ্মচাৰীৰ লগতে বিজেপি নেতাও ক্ষুব্ধ ৰাইজৰ তীব্ৰ ককৰ্থনাৰ বলি হ'ব লগা হয়।

জানিব পৰা মতে, আগদিনা নিশা পূৰ্নিৰ তিনি অংশত ভগ্ন মথাউৰিৰে বুঢ়াদিয়াৰ বাঢ়নি পানী বাগৰি যোৱাৰ খবৰ পাই পিছদিনাই পুৱাৰ ভাগত নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মা,বিজেপি নেতা পবিত্ৰ ডেকাৰ লগতে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া, বিডিঅ'পূৰ্নি অঞ্চলত উপস্থিত হোৱাৰ পিছত বানাক্ৰান্ত ক্ষুব্ধ হৈ পৰে।

ক্ষুব্ধ লোকে ভগ্ন মথাউৰি বিগত এবছৰে কিয় উন্মুক্ত হৈ থাকিল আদি প্ৰশ্নৰে জলসম্পদ বিষয়া, বিজেপি নেতাক থকাসৰকা কৰি ওভতাই পঠিয়ায়। উল্লেখ্য যে, বিগত ২০২২ চনত বানে পূৰ্নিত মথাউৰি ছিগাৰ পিছত পৰৱৰ্তী সময়ত নিৰ্মানৰ ব্যবস্থা কৰা হয় যদিও একেই অংশত ২০২৩ চনত মথাউৰি ছিগাৰ পাছত আজিও উক্ত অংশ উন্মুক্ত অৱস্থাত থাকে যদিও সংশ্লিষ্ট বিভাগটোৰ লগতে স্থানীয় বিধায়কক ৰাইজে মথাউৰি নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

ইপিনে, ২০২৩-২৪ বিত্তীয় বৰ্ষত এছঅ'পিডি/জি আঁচনিৰ অধীনত উক্ত উন্মুক্ত মথাউৰিৰ অংশ নিৰ্মাণৰ বাবে ৫৫ লাখ টকা ধাৰ্য্য কৰা হয়। এই ঠিকা বিভাগীয়ভাবে জয়ন্ত কলিতা নামৰ ঠিকাদাৰ জনে লাভ কৰে যদিও ঠিকাদাৰজনে সময়মতে কাম নকৰাত ৰাইজে দুৰ্ভোগ ভূগিব লগা হোৱা বুলি মুকলি ক্ষোভ প্ৰকাশ কৰে।লগতে প্ৰতিবছৰে কেৱল ধন আত্মসাতৰ বাবেই মথাউৰী মেৰামতিৰ নাটক কৰে বুলিও অভিযোগ তুলিছে।

এফালে, মথাউৰিৰে পানী বাগৰি যোৱাত ৰবি শস্যকে ধৰি কৃষি কাৰ্যৰ ক্ষতি সাধন হয়।কৃষিজীৱি ৰাইজে খেতিপথাৰ সমূহত খেতি চপোৱাৰ বাবে পথাৰত নামিছিল যদিও পথাৰত হাল বোৱা আৰু কঠিয়া সিঁচা কামৰ সময়তেই পুনৰ আহিল বলিয়া বান। দৰিদ্ৰ কৃষক সকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। ইফালে বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে বৃহত্তৰ অঞ্চলটোৰ মৎস্য ব্যৱসায়ী সকলো বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে।