মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ প্ৰতিষ্ঠা দিৱস...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ ৩১ তম প্ৰতিষ্ঠা দিৱস ও বাৰ্ষিক প্ৰতিনিধি সভাখন বৃহস্পতিবাৰে জামুগুৰিহাটৰ ৰঙাচকুৱা সামুহিক ভৱনত দিনজোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হৈ যায় ৷ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতেই অনুষ্ঠিত হয় প্ৰতিনিধি সভা৷

উক্ত সভাত সভাপতিৰ আসন অলংকৃত কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি এল. বি প্ৰধানে৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সভাখনৰ আঁত ধৰে ৰাজ্যিক সমিতিখনৰ মুখ্য সচিব নিল কমল নেৱাৰে ৷ সভা খনত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এচ. এন প্ৰধানে ভাষণ প্ৰসংগত কয় যে নেৱাৰ জাতিৰ উন্নতি তথা কল্যাণৰ হকেই আমি কাম কৰি যাব লাগিব৷ নেৱাৰ সকলক অ,বি,চি সূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আহৱান জনাই কেন্দ্ৰীয় কমিটিৰ সভাপতিগৰাকীয়ে আগন্তুক দিনসমূহত নেৱাৰ জাতিৰ কল্যাণৰ হকে কাম কৰি জাতিটোৰ সৰ্ব্বাংগীন উন্নয়নৰ হকেই মাত মাতি যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য ডাঙি ধৰে৷

অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ প্ৰতিনিধি সভাই গোৰ্খা মহাজাতিৰ অন্তৰ্গত নেৱাৰ সম্প্ৰদায়ৰ নিজস্ব কলা সংস্কৃতি ,পৰম্পৰা, ভাষা ,কৃষ্টি সংস্কৃতি সংৰক্ষণ তথা বিকাশ ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ উপৰিও সভাই নেৱাৰ সম্প্ৰদায়ৰ লোক সকলৰ সাজ পোচাক,খাদ্য সম্ভাৰ আৰু তেওলোকৰ পৰম্পৰাগত মাংগলিক কামত ব্যৱহৃত সা সজুলি বোৰৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদানৰ ওপৰতো বিষদভাৱে আলোচনা কৰে।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পুষ্পৰাজ শ্ৰেষ্ঠ , কেন্দ্ৰীয় সমিতিৰ সদস্য দীপক নেৱাৰ আৰু তণ্ডী নেৱাৰে ৷ অঞ্চলটোৰ বহুকেইগকী গণ্য মাণ্য ব্যক্তি ও ৰাইজৰ উপষ্ঠিতিত অনুষ্ঠিত অনুষ্ঠানতিত যুৱতী সকলে প্ৰদৰ্শন কৰা গীত, নৃত্যৰ অনুষ্ঠানে ৰাইজক আপ্লুত কৰে৷