মুখ্য-পৃষ্ঠা

আৰক্ষীৰ জেৰাত মুখ খুলিছে প্রৱঞ্চক বিশাল ফুকনে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিব্রুগড় আৰক্ষীৰ জেৰাত মুখ খুলিছে প্রৱঞ্চক বিশাল ফুকনে। পাতি লোৱা বায়েক চুমি বৰাৰ উদয়পুৰৰ সম্পূৰ্ণ বিবাহ অনুষ্ঠান উপহাৰ হিচাপে দিছিল বিশালে। চুমি বৰাৰ বিয়াত ৩ কোটি টকা খৰচ কৰাৰ কথা স্বীকাৰ কৰিছে মহাপ্ৰৱঞ্চক বিশাল ফুকনে।

উল্লেখযোগ্য যে কেৱল অসমৰেই নহয় বহিঃৰাজ্যৰ বিনিয়োগকাৰীকো প্রৱঞ্চনা কৰিছিল বিশালে। ওড়িশা, চণ্ডীগড়, কেৰালাৰ বিনিয়োগকাৰীকো প্রৱঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে।

বিশালৰ কেইবাটাও বেংক একাউন্ট থকাৰ কথা আৰক্ষীক আগত স্বীকাৰ কৰিছে। এছ বিআইত এটা, এক্সিত বেংকত এটা, এইছ জি এফ চিত ৪টা একাউণ্ট আছিল বিশালৰ। অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত কেইবাটাও বেংক একাউন্ট ছীজ কৰিছে। বেংককতো বেংক একাউণ্ট আছে বিশাল ফুকনৰ।

উল্লেখযোগ্য যে বৰ্তমানলৈকে বিশাল ফুকনে ৬০ কোটি টকাৰ প্রৱঞ্চনা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। কম সময়ত অধিক মুনাফা লাভৰ প্রলোভনেৰে বিশালে আকৃষ্ট কৰিছিল বহু লোকক। প্ৰায় ১৫০০ লোকক প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰিছিল। বিশাল ফুকনৰ বিৰুদ্ধে বি এন এছ এছৰ অধীনত ৩১৬, ৩১৮ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

আনহাতে জানিব পৰামতে চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু বৌৱেকক পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে। ইয়াৰোপৰি আৰক্ষীৰ জাননীৰ প্রতি সঁহাৰি দিয়া নাই চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাই। মহানগৰ আৰক্ষীৰ জৰিয়তে জাননী প্রেৰণ কৰা হৈছে চুমি বৰালৈ। চুমি বৰাৰ ডিব্রুগড়ৰ পিতৃ গৃহতো প্রদান কৰা হৈছে জাননী। অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্রাইম) সৃজল আগৰৱালে এই তথ্য সদৰী কৰিছে। ইয়াৰোপৰি বিশাল ফুকনে মাতৃক উপহাৰ দিয়া MG HECTOR বাহনখন ডিব্ৰুগড়ৰ চৌকিদিঙ্গীৰ প্ৰভাঞ্জলী এপাৰ্টমেণ্টৰ পৰা জব্দ কৰিছে।