মুখ্য-পৃষ্ঠা

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষ্যে হায়াত হস্পাতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

asomiyapratidin

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে হায়াত চুপাৰ স্পেচিয়েলিটি হস্পাতালৰ উদ্যোগত আৰু চলচিত্ৰ সমাজ অসম তথা জ্যোতি চিত্ৰবন,গুৱাহাটীৰ সহযোগিতাত ৭ এপ্ৰিলত অনুষ্ঠিত হ'ব বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।

বৃহস্পতিবাৰে দিনৰ ১০.৩০ মান বজাৰ পৰা জ্যোতি চিত্ৰবনৰ বাকৰিত এদিনীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। শিল্পী কলা-কুশলী তেওঁলোকৰ পৰিয়াল বৰ্গৰ বাবে আয়োজিত হোৱা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত হায়াত হস্পিতালৰ পৰা মেডিচিন, হৃদৰোগ আৰু মধুমেহ ৰোগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকি শিপ্লীসকল আৰু তেওঁলোকৰ পৰিয়াল বৰ্গক স্বাস্থ্য পৰীক্ষা সেৱা আগবঢ়াব।

এই স্বাস্থ্য পৰীক্ষা শিবিৰত ই.চি.জি, ব্লাড চুগাৰ আৰু ব্লাড প্ৰেচাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পৰীক্ষা কৰোৱাৰ উপৰিও খাদ্য বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহন কৰিব পাৰিব।