মুখ্য-পৃষ্ঠা

ঔপনিৱেশিকতাৰ পৰা উত্তৰাধুনিক ন্যায় ব্যৱস্থালৈ...

Asomiya Pratidin

জয়দীপ নাৰায়ন দেৱ

১জুলাই, ২০২৪। ভাৰতীয় ন্যায় ব্যৱস্থা সম্ভৱত সৰ্বকালৰ সৰ্ববৃহৎ পৰিৱৰ্তনৰ দিশে। আজিৰে পৰাই আই পি চি অৰ্থাত ভাৰতীয় পিনেল কডৰ পৰিৱৰ্তে ন্যায় ব্যৱস্থা পৰিচালিত হ’ব ভাৰতীয় ন্যায় সংহিতা অথবা বি এন এছৰ জৰিয়তে।

সমগ্ৰ ন্যায় ব্যৱস্থাটো আধুনিকতাৰ দিশে আগুৱাই নি বৰ্তমানৰ সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্য তৈয়াৰ কৰি তোলা হৈছে ভাৰতীয় ন্যায় সংহিতাক। ইয়াৰ সৈতে ভাৰতীয় ন্যায় সংহিতাই গুৰুত্ব আৰোপ কৰিব দেশৰ আৰ্থ সামাজিক বিন্যাসটো।

উল্লেখ্য যে, ভাৰতীয় ন্যায় ব্যৱস্থাটোৰ আধাৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৮৬০চনতেই, সেই সময়ৰ ঔপনিৱেশিক ব্ৰিটিছ ৰাজত্বৰ সুবিধামৰ্মে। এই আইন ব্যৱস্থাটোও বৰ্তমানলৈ বহু সাল-সলনিৰ মাজেৰে যাত্ৰা কৰিছে যদিও সমগ্ৰ ব্যৱস্থাটোৰ মূল আধাৰ অথবা অস্তিত্ব একেটাই আছে।

যাৰফলত আধুনিক সামজিক ব্যৱস্থাটোক সুচাৰুৰূপে পৰিচালনা কৰাত ই আংশিকভাৱে হ’লেও ব্যৰ্থ হৈ পৰিছিল। যাৰ বাবেই শতিকা পুৰণি ন্যায় ব্যৱস্থাটোৰ পৰিকাঠামো সলনি কৰি এক পূৰ্ণাংগ ৰূপ দিয়াৰ এক নৱ প্ৰয়াস হৈছে ভাৰতীয় ন্যায় সংহিতা।

ইতিমধ্যেই ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মানীয় ন্যায় পালিকাই এই সন্দৰ্ভত দিয়া মন্তব্য অনুসৰি, ভাৰতীয় ন্যায় সংহিতাই ৰাইজক ব্ৰিটিছ ঔপনিৱেশিতক মানসিকতা আৰু ইয়াৰ প্ৰতীকৰ পৰা মুক্ত কৰিব। পূৰ্বৰ ন্যায় ব্যৱস্থাৰ পৰিৰ্ৱতে নতুন আইনসমূহে শাস্তিৰ সলনি ন্যায়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব।

সৰ্বমুঠ ৪৭টা ধাৰা সংশোধিত ৰূপত প্ৰণয়ন কৰাৰ সৈতে ই আই পি চিৰ ৫১১টা ধাৰা ভাৰতীয় ন্যায় সংহিতা অথবা বি এন এছত কেৱল ৩৫৮লৈ হ্ৰাস কৰিছে। ইয়াৰ সৈতে সংযোজন ঘটিছে ২০টা নতুন অপৰাধ সম্পৰ্কীয় আইনী ব্যৱস্থা।

কেৱল এয়াই নহয়, বৰং সমগ্ৰ দেশত আৰম্ভ কৰা হৈছে জিৰ’ এফ আই আৰ অথাৎ দেশৰ যিকোনো ঠাইত সংঘটিত অপৰাধৰ বিপৰীতে ভুক্তভোগীয়ে কোনো এখন আৰক্ষী চকীতে ৰুজু কৰিব পাৰিব গোচৰ। সেয়াও ইন্টাৰনেটৰ জৰিয়তেই। আনহাতে আচামীয়ে ভাৰ্চুৱেলী উপস্থিত থাকিব পাৰিব আৰক্ষী চকী অথবা ন্যায় পালিকাৰ সন্মুখত। ইয়াৰ সৈতে প্ৰথম শুনানিৰ ৬০দিনৰ ভিতৰতেই সম্পূৰ্ণ কৰিব লাগিব বিচাৰ প্ৰক্ৰিয়া।

বিচাৰ্যৰ বিষয় এই যে, এইসমূহ উল্লেখযোগ্য দিশৰ সৈতে কিছু ঋণাত্মক দিশো কঢ়িয়াই আনিছে ভাৰতীয় ন্যায় সংহিতাই। উদাহৰণস্বৰূপে, আৰক্ষী বিষয়াসকলৰ হাতত ন্যস্ত কৰা হৈছে পূৰ্বতকৈ অধিক শক্তি। এতিয়াৰে পৰা আৰক্ষীয়ে ইচ্ছা কৰিলেই আচামীক পূৰ্বতকৈ অধিক সময়ৰ বাবে ৰিমাণ্ডত ৰাখিব পাৰিব।

আনহাতে, যি অপৰাধৰ শাস্তি ৭বছৰ বা তাতোধিক, তেনে অপৰাধৰ ক্ষেত্ৰত ফৰেনচিক ৰিৰ্পট জমা দিয়াতো বাধ্যতামূলক হৈ পৰিছে। যাৰ বাবে এতিয়াৰে পৰা তেনেধৰণৰ গোচৰ সমূহৰ নিষ্পত্তিৰ বাবে পূৰ্বৰ তুলনাত অধিক সময়ৰ প্ৰয়োজন হৈ পৰিব।

ইয়াৰ সৈতে নাগৰিককেন্দ্ৰিক আইন সমূহৰ ক্ষেত্ৰতো অনা হৈছে আমূল পৰিৱৰ্তন। ভাৰতীয় নীতি-নিয়মৰ মনোভাৱৰ সৈতে নতুন অপৰাধমূলক আইনসমূহে অধিক নাগৰিককেন্দ্ৰিক দৃষ্টিভংগীৰ দিশত স্থানান্তৰিত হোৱাৰ ই এক প্ৰতীক বুলি ইতিমধ্যে বিবেচনা কৰা হৈছে।

উদাহৰণস্বৰূপে, ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৩(৩)(ii)ৰ অধীনত ৯০দিনৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ বিষয়ে ভুক্তভোগীক অৱগত কৰাতো আৰক্ষীৰ বাবে বাধ্যতামূলক হ’ব। আৰু ধাৰা ১৮৪(১)ৰ অধীনত এগৰাকী ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা তেখেতৰ সন্মতিৰ সাপেক্ষেহে কৰা হ’ব, অপৰাধ সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰাৰ ২৪ঘন্টাৰ ভিতৰত। ধাৰা ১৮৪(৬)ৰ অধীনত ৭দিনৰ ভিতৰত চিকিৎসাৰ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব।

স্মৰ্তব্য যে, ফৌজাদাৰী আইনৰ ক্ষেত্ৰতো সলনি কৰা হৈছে ন্যায় ব্যৱস্থাটো। কিছু অপৰাধৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক নূন্যতম শাস্তি নিৰ্ধাৰণ কৰা হৈছে। বৃদ্ধি কৰা হৈছে কিছু অপৰাধৰ ক্ষেত্ৰত জৰিমণা। ৬টা ক্ষুদ্ৰ অপৰাধৰ বাবে সামূহিক সেৱাৰ ব্যৱস্থাও কৰা হৈছে।

ভাৰতীয় ন্যায় সংহিতাৰ কিছু মূল বৈশিষ্ট্য-

১. মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক এটা অধ্যায়তেই একত্ৰিত কৰা হৈছে।

২. ধাৰা ৬৯: মিছা প্ৰতিশ্ৰুতিৰে কৰা যৌন সম্পৰ্কৰ বাবে কঠোৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।

৩. ধাৰা ৭০(২)ঃ এতিয়াৰে পৰা দলৱদ্ধ ধৰ্ষণৰ একমাত্ৰ শাস্তি মৃত্যুদণ্ড

পুনৰ সংজ্ঞায়িত অপৰাধ আৰু শাস্তি-

১. ‘সন্ত্ৰাসবাদী আইন’ৰ সংজ্ঞাঃ- ভাৰতৰ ঐক্য, অখণ্ডতা, সাৰ্বভৌমত্ব, নিৰাপত্তা, অৰ্থনৈতিক সুৰক্ষা অথবা যিকোনো এটা গোটৰ মাজত সন্ত্ৰাস বিয়পোৱাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্যক সামৰি লোৱা হৈছে।

২. ‘ৰাজদ্ৰোহ’লৈ পৰিৱৰ্তনঃ- ‘ৰাজদ্ৰোহ’ৰ অপৰাধ নিৰ্মূল কৰা হয় আৰু ভাৰতৰ ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা কাৰ্যক ভাৰতীয় ন্যায় সংহিতাই ‘দেশদ্ৰোহ’ শব্দৰ প্ৰৱৰ্তনৰ সৈতে ‘ৰাজদ্ৰোহ’ বাতিল কৰি ‘দেশদ্ৰোহ’ কৰা হয়।

প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত হ’বলগীয়া অসুবিধাসমূহ-

যদিওবা আই পি চিৰ পৰা বি এন এছ(BNS) লৈ যাত্ৰা ভাৰতীয় ন্যায় ব্যৱস্থাৰ বাবে এক উদিত সূৰ্য বুলি গণ্য কৰা হৈছে কিন্তু এই আইনসমূহ প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সমগ্ৰ দেশত পৰিলক্ষিত হ’ব পাৰে কিছু অসুবিধা।

উদাহৰণস্বৰূপে, ন্যায়পালিকাৰ পৰা আৰম্ভ কৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোৰ সৈতে জড়িত লোকসকলৰ বাবে প্ৰয়োজন হব এক দীঘলীয়া সময়ৰ প্ৰশিক্ষণ। জনগণক ভাৰতীয় ন্যায় সংহিতা আৰু ই কঢ়িয়াই অনা সালসলনিসমূহৰ বিষয়ে অৱগত আৰু সচেতন কৰাৰ ক্ষেত্ৰতো প্ৰয়োজন হ’ব বহু ব্যৱস্থাৰ।

এই ব্যৱস্থাটোৰ সৈতে জড়িত বহু বিজ্ঞ লোকৰ মতামত অনুসৰি, এই ন্যায় ব্যৱস্থাই ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন চিনাকি দাঙি ধৰাৰ পৰিৱৰ্তে আন বহু লোকে ব্যৱস্থাটোৰ সৈতে জড়িত সমস্যাসমূহ আঙুলিয়াই দিছে। কেৱল এয়াই নহয়, পৰিৱৰ্তনৰ সময়চোৱাত প্ৰক্ৰিয়াটোত পৰ্যবেক্ষণ কৰাৰ বাবেও প্ৰয়োজন হ’ব এক বিশাল সম্পদৰ।

সৰ্বশেষত, আই পি চিৰ পৰা বি এন এছলৈ পৰিৱৰ্তন হোৱা সমগ্ৰ ব্যৱস্থাতো হৈছে এক সাহসী আৰু দুৰদৰ্শী পদক্ষেপ। ই ভাৰতীয় আইন ব্যৱস্থাক তথ্য আৰু প্ৰযুক্তিৰ সৈতে একেলগে এখোঁজ আগুৱাই যোৱাৰ সুবিধা দিব। আৰু ভৱিষ্যত প্ৰজন্মলৈ এক সুৰক্ষিত আৰু শক্তিশালী ন্যায় ব্যৱস্থা উপহাৰস্বৰূপে দিব বুলি আশা কৰা হৈছে...