মুখ্য-পৃষ্ঠা

২৬ত গৌৰৱ গগৈৰ টাৰ্গেট গোলাঘাট সমষ্টি...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত নিজ সমষ্টি গোলাঘাটত পোনপ্ৰথম বাৰৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব প্ৰভাৱশালী মন্ত্ৰী অজন্তা নেওগ। কিয়নো ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা আগবঢ়োৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।

তাকে লৈ এতিয়া প্ৰচুৰ আত্মবিশ্বাসী হৈ উঠিছে গোলাঘাটৰ কংগ্ৰেছ কৰ্মীসকল। এককথাত গোলাঘাট বিধানসভা সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ ২৫ বছৰীয়া আধিপত্য উফৰাবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে গোলাঘাট কংগ্ৰেছে। গোলাঘাটৰ কংগ্ৰেছ কৰ্মীৰ দাবীৰ প্ৰতি সন্মান জনাই সাংসদ গৌৰৱ গগৈয়েও ২৬ ৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছে।

ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে সমষ্টিটোত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ ভাগে ভাগে নিৰ্দেশনা দিছে কংগ্ৰেছ দলৰ তৃণমূল কৰ্মীসকলক। শুক্ৰবাৰে গমাৰিগুৰি ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক নকুল মুছাহাৰীয়ে মেৰাপানীত এক সংবাদমেল অনুস্থিত কৰি গোলাঘাটত গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বৰ কথা ৰাজহুৱা কৰিছে।

সম্পাদক নকুল মুছাহাৰীয়ে দাবী কৰা অনুসৰি গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বৰ প্ৰতি উৎসাহিত হৈ শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদানৰ জোৱাৰ উঠিছে। সমান্তৰালভাৱে দীৰ্ঘদিনে নিষ্ক্ৰিয় হৈ থকা একাংশ কংগ্ৰেছ কৰ্মী হাতে কামে লাগিছে দলক শক্তিশালী কৰাত। উল্লেখযোগ্য যে, নিৰ্বাচনলৈ এতিয়াও যঠেষ্ট দিন বাকী আছে যদিও অজন্তা নেওগৰ বিৰুদ্ধে গৌৰৱ গগৈ অৱতীৰ্ণ হ'লে ২৬ ৰ নিৰ্বাচনত জমি উঠিব গোলাঘাট বিধানসভা সমষ্টিৰ পৰিবেশ। অৱশ্যে শেষ মহুৰ্তত সমষ্টিটোত অজন্তা নেওগৰ বিৰুদ্ধে কংগ্ৰেছ দলে কাক প্ৰাৰ্থীত্ব দিয়ে সেয়াহে লক্ষ্যনীয় হ'ব।