মুখ্য-পৃষ্ঠা

ঘিলামৰাত পথ দুৰ্ঘটনাত নিহত যুৱক...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰাত বুধবাৰে সন্ধিয়া ৭-৩০ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় ।  ঘিলামৰাৰ কলিতা গাঁৱৰ এটা গ্রাম্য পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত দিব্যজ্যোতি বৰুৱা (২৩) নামৰ এজন যুৱকৰ ঘটনাস্থলীতে  মৃত্যু  হয় ।

নিহত যুৱক গৰাকী ঘিলামৰা লামু গাঁৱৰ  নিবাসী শোভন বৰুৱাৰ পুত্ৰ দিব্যজ্যোতি বৰুৱা । নিহত মুকুল বৰুৱাই  সন্ধিয়া  AS07-X - 9078 নম্বৰৰ TVS স্কুটীৰে এই পথেৰে ঘৰমুৱা হোৱাৰ সময়তে ঘিলামৰা কলিতা গাঁৱৰ জনৈক নাথৰ চৌহদৰ  পকী বেৰত  নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুন্দা মাৰে । ফলত  যুৱকজনে মূৰ আৰু মুখ মণ্ডলত গুৰুতৰ ভাবে আহত হয় ।

পৰৱৰ্তী সময়ত যুৱকজনক মৃত অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ঘিলামৰা আৰক্ষীক অৱগত কৰে। ঘটনা খবৰ পাই ঘিলামৰা আৰক্ষীয়ে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি  আৰু দূৰ্ঘটনাগ্ৰস্ত স্কুটী খন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।  ৰাইজে এই দুঃসংবাদ লাভ কৰি ঘিলামৰা থানাত নিশা ১০-৩০ বজাত উপস্থিত হৈ মৃতকৰ অন্তিম দর্শন কৰি শোকস্তব্ধ হয় ।