মুখ্য-পৃষ্ঠা

বান সাহায্য দিয়াৰ লোভ দেখুৱাই শতাধিক ৰাইজক প্ৰবঞ্চনা, গহপুৰত গ্ৰেপ্তাৰ এগৰাকী মহিলা..

ৰঙাঘৰৰ আলহী হ'ল বৰাণীপথাৰৰ দিপালী মহন্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বান সাহাৰ্য্য দিয়াৰ লোভ দেখুৱাই শতাধিক পুৰুষ মহিলাক ঠগ প্ৰবঞ্চনা কৰি অৱশেষত ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বৰাণীপথাৰৰ দিপালী মহন্ত(৪৫)নামৰ এগৰাকী মহিলা।উল্লেখযোগ্য যে-নিজকে সমাজসেৱিকা(!) বুলি পৰিচয় দি ভদ্ৰতাৰ মুখা পিন্ধি অহা এইগৰাকী দিপালী মহন্তই ২০২২ চনৰ জুন মাহত "আজমল ফাউণ্ডেছন"ৰ নামত বান সাহাৰ্য দিয়াৰ অচিলাৰে এক ঠগ প্ৰবঞ্চনাৰ জাল পেলাই ঘাঁহিগাঁও এলেকাৰ শতাধিক পুৰুষ মহিলাক ঋণগ্ৰস্ত কৰি তোলে।

দিপালী মহন্ত নামৰ প্ৰবঞ্চক গৰাকীয়ে বান সাহাৰ্য দিয়াৰ অচিলাৰে সহজ সৰল ৰাইজক কৰা এই প্ৰবঞ্চনা এতিয়াহে পোহৰলৈ আহে।উল্লেখযোগ্য যে-ভদ্ৰতাৰ মুখা পিন্ধি ঘাঁহিগাঁও এলেকাৰ শতাধিক সহজ সৰল লোকক প্ৰবঞ্চনা কৰি বেংকত ঋণগ্ৰস্ত কৰি তোলা দিপালী মহন্তই ২০২২ চনৰ জুন মাহত আজমল ফাউণ্ডেছনৰ বেনাৰত বান সাহাৰ্য প্ৰদানৰ লোভ দেখুৱাই শতাধিক পুৰুষ মহিলাক ঘাঁহিগাঁৱৰ এঘৰ লোকৰ ঘৰত একগোট কৰিছিল।

বান সাহাৰ্যৰ বাবে তেওঁ যি সকল লোকক তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে নিমন্ত্ৰণ কৰিছিল সেই সকল লোকক আধাৰ আৰু পান কাৰ্ড লৈ যাবলৈ কৈছিল তেওঁ।সেই অনুসৰি-আধাৰ আৰু পান কাৰ্ড লৈ উপস্থিত হোৱা লোক সকলক বান সাহাৰ্য দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰি অন লাইন পদ্ধতিৰে তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ কথা কৈ সমবেত প্ৰতিগৰাকী লোকৰ ম'বাইললৈ যোৱা অটিপি সংগ্ৰহ কৰে দিপালী মহন্তই।ইয়াৰ পিছত তেওঁ প্ৰতিগৰাকী লোকক নগদ পাঁচশ টকাকৈ বান সাহাৰ্য দি ঘৰলৈ গুছি যায় দিপালী মহন্ত।সেই সময়ত দিপালী মহন্তই দিয়া বান সাহাৰ্য ঠগ প্ৰবঞ্চনাৰ যে এখন জাল আছিল সেই কথা এতিয়াহে পোহৰলৈ আহে।

কাৰণ যোৱা কিছুদিন পূৰ্বে উক্ত লোক সকলৰ একাংশই তেওঁলোকৰ একাউণ্ট থকা নিৰ্দিষ্ট কিছুমান বেংকত ঋণ বিচাৰি যাওঁতে তেওঁলোকৰ "চিবিল" বেয়া বুলি কোৱাত ওৰহি গছৰ ওৰ ওলাই পৰে।কতো একো ঋণ নথকাকৈ চিবিল বেয়া বুলি কোৱাত তেওঁলোক আচৰিত হৈ পৰাৰ লগতে ইয়াৰ কাৰণ উলিয়াবলৈ তৎপৰতা অৱলম্বন কৰে।সমসাময়িক ভাবে ইয়াৰে একাংশ লোকলৈ বিশ্বনাথ চাৰিআলিৰ এইছ ডি এফ চি বেংক শাখাৰ পৰা কে আই চি আপডেট কৰিবলৈ জাননী আহে।উক্ত বেংক শাখাত উক্ত লোকসকলৰ এজনৰো কোনোধৰণৰ একাউণ্ট নথকাকৈ এনেদৰে জাননী অহাত হতভম্ব হৈ পৰে সকলো।

পিছত অনুসন্ধান কালত ধৰা পৰে যে দিপালী মহন্তই সেই সময়ত বান সাহাৰ্য দিয়াৰ লোভ দেখুৱাই সংগ্ৰহ কৰা অটিপিৰ সহায়ত অন লাইন পদ্ধতিৰে প্ৰতিগৰাকীৰ নামৰ বিপৰীতে বেংক একাউণ্ট খুলিছিল।সেই সমূহ বেংক একাউণ্ট খোলাৰ পিছত এই একাউণ্ট সমূহ ব্যৱহাৰ কৰি তেওঁ প্ৰথমে Hindon Mercantile Limited-New Delhi নামৰ এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লৈ পৰবৰ্তী সময়ত সেই লোন পৰিশোধ কৰে তেওঁ।ইয়াৰ পিছত একেই পদ্ধতিৰে আকৌ State Bank Of Mauritius নামৰ আন এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লৈ সেই ধাৰো পৰিশোধ কৰে দিপালী মহন্তই।

ইয়াৰ পিছত একে ধৰণে Encore Asset Reconstrunction Company Pvt Ltd(Encorearc),Haryana City Gas CNG Station নামৰ আন এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লয় দিপালী মহন্তই।কিন্তু তেওঁ এই তৃতীয়টো প্ৰতিষ্ঠানৰ নামত লোৱা বেংক লোন পৰিশোধ নকৰাৰ বাবে এতিয়া বান সাহাৰ্য লোৱা উক্ত লোক সকলৰ চিবিল স্কৰ নিম্নগামী হৈ পৰাত দিপালী মহন্তই সেই সময়ত কৰা ঠগ প্ৰবঞ্চনাৰ সমস্ত তথ্য ফাদিল হৈ পৰে।যাৰ বাবে বেংকৰ নীতি অনুসৰি "ডিফলদাৰ" বুলি চিনাক্ত হোৱা উক্ত লোক সকলে এতিয়া বেংকৰ ঋণৰ বোজাক লৈ ভীষণ চিন্তিত হৈ পৰিছে।

ইপিনে -প্ৰবঞ্চক দিপালী মহন্তৰ এই দুস্কাৰ্য্যৰ বিৰুদ্ধে ঘাঁহিগাঁও বাঁহবৰীয়া গাঁৱৰ গীতাঞ্জলী দাস নামৰ এগৰাকী ভুক্তভোগীয়ে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিপালী মহন্তক জামিন বিহীন ধাৰা(১২০-বি,৪২০,৪০৬,৪৬৮)ত গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি পুনৰ পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় তেওঁক।

আৰক্ষীৰ জিম্মাত পাঁচদিনৰ ম্যাদ শেষ হোৱাত আজি দিপালী মহন্তক বিশ্বনাথ জেল হাজোতলৈ প্ৰেৰণ কৰে হেলেম আৰক্ষীয়ে। ভদ্ৰতাৰ মুখাপিন্ধি ঠগ প্ৰবঞ্চনাৰে এনেদৰে সহজ সৰল লোকসকলৰ মূৰত বেংকৰ ঋণৰ বোজা জাপি দিয়া দিপালী মহন্তই উপযুক্ত শাস্তি পোৱাৰ আশা কৰিছে সচেতন ৰাইজে।