মুখ্য-পৃষ্ঠা

গোলাঘাটত উইংগাৰ চালকক মাৰধৰ ই ৰিক্সা চালকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট মেৰাপানী পথেৰে যাত্ৰীবাহী ট্ৰেকাৰ উইংগাৰৰ চলাচল অনিৰ্দিষ্ট কাললৈ বন্ধ। ই-ৰিক্সা চালকৰ অতপালি ৰোধৰ দাবীত মেৰাপানীৰ চালক সমাজে সোমবাৰৰ পৰা গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালীন চকাবন্ধৰ কাৰ্য্যসূচী।

দেওবাৰে ফৰকাটিং ৰেলৱে ষ্টেচনৰ সমীপত এগৰাকী উইংগাৰ চালকক ই-ৰিক্সা চালকৰ দলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাত ক্ষোভিত হৈ পৰিছে উইংগাৰ,ট্ৰেকাৰ চালকসকল। উল্লেখযোগ্য যে, গোলাঘাট মেৰাপানী পথত যাত্ৰীবাহী বাহনসমূহত যাত্ৰী উঠোৱা নমোৱা কৰাত বাধা প্ৰদান কৰি আহিছে ফৰকাটিঙৰ ই ৰিক্সা চালকসকলে।

পৰিবহন আইন উলংঘা কৰি ফৰকাটিঙৰ ই ৰিক্সা চালকসকলে গোলাঘাট মেৰাপানী ৰাজ্যিক ঘাইপথত ই ৰিক্সা চলোৱাৰ বিৰোধিতা কৰি আহিছিল মেৰাপানীৰ যাত্ৰীবাহী বাহনৰ চালকসকলে। সেই কথাতে ক্ষুব্ধ হৈ দেওবাৰে কনপিতৌ দাস নামৰ এজন উইংগাৰ চালকক বেয়াকৈ মাৰধৰ কৰে ফৰকাটিং অঞ্চলৰ একাংশ ই ৰিক্সা চালকে। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি ফৰকাটিং আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে মেৰাপানীৰ চালক সমাজে।

ইফালে ফৰকাটিঙৰ ই ৰিক্সা চালকৰ গুণ্ডামিত নিৰাপত্তাহীনতাত ভূগি সোমবাৰৰ পৰা কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত বহিছে মেৰাপানীৰ চালকসকলে। প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা নকৰা পৰ্যন্ত গোলাঘাট মেৰাপানী পথত যাত্ৰীবাহী ট্ৰেকাৰ উইংগাৰৰ চলাচল বন্ধ হৈ থাকিব বুলি স্থিতি স্পষ্ট কৰিছে মেৰাপানীৰ চালকসকলে। উল্লেখযোগ্য যে, গোলাঘাট মেৰাপানী পথত হঠাৎ যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ হৈ পৰাত ব্যাপক সমস্যাত পৰিছে যাত্ৰীসকল।