মুখ্য-পৃষ্ঠা

ৰেড জ’ন গোলাঘাটৰ পৰা ডবকাত উপস্থিত হ’লহি ১৫ জনকৈ যুৱক, আৰক্ষীয়ে ল’লে ব্যৱস্থা… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ হোজাইৰ ডবকাত আজি সংগঠিত হৈছে এক চাঞ্চ্যল্যকৰ ঘটনা ৷ হঠাতে red zone ৰূপে চিহ্নিত গোলাঘাট জিলাৰ পৰা green zone হোজাই জিলালৈ আহি উপস্থিত হলহি ১৫ জনকৈ যুৱক ৷ আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁলোকক স্বাস্থ্য বিভাগৰ কৰ্মীৰ দ্বাৰা স্ক্ৰীনইং কৰাই পুনৰ গোলাঘাটলৈ উভতাই পঠিয়াই ৷

দৰাচলতে হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়িগাওঁ আৰু নাম ডবকা গাওঁৰ একাংশ যুৱক কৰ্মসূত্ৰে গোলাঘাট জিলাৰ লুৰকিহাটত আছিল ৷ অসম চৰকাৰে আন্তঃজিলা আবদ্ধ হৈ থকা লোক সকলক ঘৰলৈ অহাৰ ব্যৱস্থা কৰাৰ লগে লগে যুৱককেইজনে ঘৰলৈ অহাৰ যোজা চলায় ৷ সেই মৰ্মে তেওঁলোকে গোলাঘাট জিলাৰ লুৰকি হাটৰ পৰা AS01BJ 3086, AS01 AD 1810 দুখন ইনভা আৰু AS06 G 2015 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰে তেওঁলোক নিজ গৃহলৈ আহে ৷

হোজাই- নগাওঁ জিলাৰ সীমান্তত ৰেংবেংত ডবকা আৰক্ষীৰ নিয়মীয়া তালাচিৰ সময়ত সমগ্ৰ ঘটনাতো পোহৰলৈ আহে ৷ ডবকা আৰক্ষীয়ে ততাতৈয়াকৈ হোজাইৰ আৰক্ষী অধীক্ষকক অৱগত কৰায় ৷ যিহেতুকে ৰেড জ'নৰ কোনো লোক গ্ৰীন জ'নলৈ আহিবলৈ চৰকাৰে অনুমতি দিয়া নাই সেয়েহে আৰক্ষী অধীক্ষকক নিৰ্দ্দেশ মৰ্মে যুৱককেইজনক পুনৰ গোলাঘাট জিলালৈ উভটাই পঠাই দিয়ে ডবকা আৰক্ষীয়ে ৷

গাড়ীৰ চালক কেইজনে জানিবলৈ দিয়ামতে গাড়ী তিনিখন লোক কেইজনক আনিবলৈ যোৰহাট জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে ৷ গাড়ী কেইখনত যোৰহাট জিলা প্ৰশাষণৰ অনুমতি পত্ৰ লাগি থকা বুলি আৰক্ষীৰ সূত্ৰ পৰা জানিব পৰা গৈছে ৷ এতিয়া প্ৰশ্ন হৈছে যে যোৰহাট জিলা প্ৰশাসনে কি দৰে চৰকাৰৰ নিশেধজ্ঞা থকাৰ পিছতো ৰেড জ'ন হিচাপে চিহ্নিত গোলাঘাট জিলাৰ পৰা যুৱককেইজনক গ্ৰীন জ'ন জিলা হোজাইলৈ আহিবলৈ অনুমতি প্ৰদান কৰিলে ৷ আনহাতে যুৱককেইজনে জানিবলৈ দিয়ামতে তেওঁলোকে যোৱা ১০ দিন কাল ধৰি তীব্ৰ খাদ্য সংকতত ভূগীছে ৷ সেয়েহে তেওঁলোকে তাৰ পৰা এনেদৰে নিজ গৃহ ডবকালৈ আহিছে ৷