মুখ্য-পৃষ্ঠা

টোপনিত নাক বজোৱা সকলে মাহে পাব ৭৮হাজাৰকৈ টকা!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ কিছুমান আজৱ খবৰে আপোনাকো ছাগে কেতিয়াবা আচৰিত কৰি তোলে। কেতিয়াবা বাৰু আপুনি ভাৱিছিলনে যে, টোপনিত নাক বজোৱা এগৰাকী লোকেও মাহিলী ভাট্টা পোৱাৰ কথা। আপুনি-মই নাভাৱিলেও শেহতীয়াকৈ বিশ্বৰ এখন দেশে ঘোষণা কৰিছে যে, টোপনিত নাক বজোৱা লোকে লাভ কৰিব মাহিলী ৭৮হাজাৰকৈ টকা।

আপুনি বিশ্বাস কৰিবলৈ টান পালেও এই খবৰ মিছা নহয়। বিট্ৰেইনৰ ডিৰ্পাটমেন্ট অৱ ৱৰ্ক এণ্ড পেচঞ্চ (DWP)ৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। লক্ষ্যণীয় কথাটো হৈছে এই সমস্যা থকা দেশখন চৰকাৰী কৰ্মচাৰী সকলেও লাভ কৰিব ধনৰাশি। এই ধনৰাশি সম্পূৰ্ণৰূপে টেক্স ফ্ৰী বুলিও ঘোষণা কৰা হৈছে।

দেশখনে প্ৰকাশ কৰা অনুসৰি, এনে সমস্যাত পৰা লোকে পি আই পিৰ আধাৰত লাভ কৰিব এই ধনৰাশি। লিভাৰপুল ইক নাম এটা সংস্থাই সদৰি কৰা অনুসৰি পি আই পিৰ জৰিয়তে এগৰাকী লোকে লাভ কৰিবলগীয়া এই ধনৰাশিৰ বাবে আছে বহুকেইটা চৰ্ত।

চৰ্তনুসৰি, এই ধনৰাশি লাভ কৰিবলৈ এগৰাকী লোকৰ বয়স হব লাগিব ১৬বছৰৰো অধিক। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি আপুনি  এই সমস্যাৰ সৈতে যুঁজি থকাৰ প্ৰমাণ দিব লাগিব। তাৰ পিছতহে আপুনি এই পি আই পিৰ জৰিয়তে লাভ কৰিব মাহিলী ৭৮হাজাৰ টকা।