মুখ্য-পৃষ্ঠা

শনিবাৰৰ পৰা সন্ধানহীন মহানগৰীৰ সাউকুচিৰ হিৰণ্য কুমাৰ মহন্ত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাৰ পৰা সন্ধানহীন হিৰণ্য কুমাৰ মহন্ত নামৰ এজন ব্যক্তি। মহানগৰীৰ সাউকুচি শিৱচৰণ বৰুৱা পথৰ উপপথ আকাশী পথৰ নিবাসী হিৰণ্য কুমাৰ মহন্ত। শনিবাৰে পুৱা ১০বজাত ঘৰৰ পৰা ওলাই গৈছিল ব্যক্তিজন। তাৰ পিছৰে পৰা সন্ধান নাই ব্যক্তিজনৰ।

উল্লেখযোগ্য যে ব্যক্তিজনে পুৱা এএছ ০১ বি বি ২৭৯৩ নম্বৰৰ এখন স্কুটী লৈ ওলাই গৈছিল। তেওঁ ডিজিপি অফিচৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। পত্নীৰ নাম গিৰিজা মহন্ত। তেওঁৰ বয়স ৬২ বছৰ। উচ্চতা ৫ফুট ৩ইঞ্চি। ব্যক্তিজনৰ বৰণ মুগা বৰণীয়া। পৰিয়ালৰ লোকে জনোৱা মতে হিৰণ্য কুমাৰ মহন্ত এলজাইমাৰ ৰোগতো আক্ৰান্ত হৈ আছে।

ব্যক্তিজনৰ কোনো সম্ভেদ পালে পৰিয়ালৰ লোকে 8822494320 / 7002942387/ 9435301529 উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।