মুখ্য-পৃষ্ঠা

ডিমুত প্ৰয়াত দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,হাজোঃ মঞ্চ আৰু অসম নাট্য সন্মিলনৰ উদ্যোগত ডিমুত প্ৰয়াত দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই।উক্ত অনুষ্ঠানত পুঠিমাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত দুলাল মহন্তক স্মৰণ কৰা হয়।

ঈশ্বৰ বিজ্ঞান,সমাজ শীৰ্ষক বক্তৃতানুষ্ঠানত বিষাদ ভাবে বক্তৃতা আগবঢ়াই ডঃ ননী গোপাল মহন্তই। প্ৰবক্তা নিলোৎপল শৰ্মাই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শৰৎ কলিতাই।পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ কলিতাই উদ্বোধন কৰা অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে।