মুখ্য-পৃষ্ঠা

দিন বেয়া চলিছে যদি মঙলবাৰে কৰক এইকেইটা কাম...

Asomiya Pratidin

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ দিন বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, যদি এই দিনটোত বজৰংগবলীক সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰা হয়, তেন্তে তেওঁ ভক্তসকলৰ সকলো সমস্যা দূৰ কৰে। হনুমানজীক সংকট মোচক বুলিও কোৱা হয়। যদি আপোনাৰ দিন বেয়া চলি আছে, তেন্তে আপুনি মঙলবাৰে বিশেষ কেইটামান কাম কৰিয়েই জীৱনৰ সকলো সমস্যাৰ পৰা সহজতে মুক্তি লাভ কৰিব পাৰে।

হয়, যদি আপুনি কোনো কামত বাধাগ্ৰস্ত হৈছে, তেন্তে মঙলবাৰে গা ধোৱাৰ পিছত হনুমান মন্দিৰলৈ গৈ ঘিউৰ চাকি জ্বলাওঁক।ইয়াৰ পাছত হনুমানজীক চোলা, মালা আৰু লাডু আগবঢ়াব।এই সকলোখিনি কৰাৰ পাছত হনুমান চালিচা পাঠ কৰিব। আপোনাৰ কামৰ তথা জীৱনৰ সকলো বাধা অতি সোনকালে দূৰ হ'ব। 

মঙলবাৰে বাৰ্লিৰ লাডুত ক'লা তিল আৰু তেল মিহলি কৰি এটা ৰুটী বনাব। এই ৰুটীত তেল আৰু গুড় দি ম'হক খুৱাব। এই প্ৰতিকাৰটো কৰি আপুনি যিকোনো কুদৃষ্টিৰ পৰা বাচি থাকিব পাৰিব।

যদি আপুনি জীৱনৰ যিকোনো ধৰণৰ বিত্তীয় সংকটৰ সৈতে যুঁজি আছে, তেন্তে মঙলবাৰে বান্দৰবোৰক গুড়, বুট, চিনাবাদাম আৰু কল খুৱাব। যদি আপুনি এইসমূহ বান্দৰক খুৱাব নোৱাৰে, তেন্তে দৰিদ্ৰ লোকক দান কৰক। এই প্ৰতিকাৰ একেৰাহে ১১ টা মঙলবাৰে কৰিলে বজৰংগবলী সুখী হ'ব আৰু আপুনি জীৱনৰ পৰা আৰ্থিক সীমাবদ্ধতাৰ পৰাও পৰিত্ৰাণ পাব। 

যদি আপুনি হনুমানজীক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে মঙলবাৰে তেওঁক সুগন্ধি আৰু গোলাপৰ মালা আগবঢ়াব। 

মঙলবাৰৰ দিনটোত ৰাম ৰক্ষা সূত্ৰ আবৃত্তি কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়।এনে কৰিলে  হনুমানজী সন্তুষ্ট হয় আৰু এজন ব্যক্তিক জীৱনৰ সকলো সমস্যাৰ পৰা সকাহ দিয়ে। 

বি দ্ৰ: ওপৰোক্ত লেখাটো কেৱল তথ্য আধাৰিত।