মুখ্য-পৃষ্ঠা

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দৰ পানৱাৰক ইডিৰ গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ বিধায়ক সুৰেন্দৰ পানৱাৰক। হাৰিয়ানাৰ ছোনিপটৰ পৰা পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ বিধায়কজনক।

ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়।

ইয়াৰ পূৰ্বে এই বছৰৰ ৪ জানুৱাৰীত ই ডিৰ এটা দলে ছোনিপটত সুৰেন্দৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহত তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ইডিয়ে কেতবোৰ গুৰুত্বপূর্ণ নঠি-পত্র জব্দ কৰিছিল।

ইডিৰ দলে ৰাজ্যখনৰ যমুনানগৰ, ছোনিপট আৰু কর্নাল অঞ্চলতো অবৈধ খনন সন্দর্ভত অভিযান চলাইছিল। ইডিৰ তথ্য অনুসৰি এই গোচৰত ৪০০ৰ পৰা ৫০০ কোটি টকাৰ অবৈধ সৰবৰাহ হৈছিল।