মুখ্য-পৃষ্ঠা

হাতীমূৰা,বালিপৰা,জামুগুৰিহাটত জটিল বান পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাতীমূৰাত গাইড বান্ধ ভঙাৰ ফলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। সোমবাৰে নিশা ২ বজাত প্ৰথমটো গাইড বান্ধ ভাঙে। এই ঘটনাৰ পিছতে সোমবাৰে পুৱা ১০ বজাত পুনৰ মূল মথাউৰিৰ একাংশ ভাঙি যায়। দুটাকৈ স্থানত মথাউৰি ভগাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে কলিয়াবৰ মহকুমাৰ লগতে নগাঁও জিলাত।

বিসংগতিপূৰ্ণ ভাবে নিৰ্মাণ কৰা বাবে মথাউৰিৰ দুটাকৈ স্থান ভঙাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, সম্পূৰ্ণ বান্ধটো বালি মাটিৰে নিৰ্মাণ কৰা ফলতে সোমবাৰে নিশা গাইড বান্ধ ভাঙি যায়। বালি মাটিৰে নিৰ্মাণ কৰা বাবে গাইড বান্ধটো ভাগি পৰে।

এই ঘটনাৰ পিছতে মঙলবাৰে হাতীমূৰাৰ শ্লুইছ গেইটত থকা বিসংগতিৰ বাবে প্ৰথমে মূল মথাউৰিৰে পানী নিগৰি পিছত মূল মথাউৰিটো খহাই নিয়ে। শ্লুইছ গেইটৰ আন্তঃগাঁথনিত থকা বিসংগতিৰ বাবে পানীয়ে মূল মথাউৰিটো ভাঙি পেলায়। ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ।

বৰ্তমানেও জলমগ্ন কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থান। আতংকিত হৈ পৰিছে সমগ্ৰ কলিয়াবৰ ৰাইজ। গাঁৱৰ ৰাইজে ভয়াৱহ বানৰ শংকাত টালি টোপোলা বান্ধি নিৰাপদ স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে। কলঙৰে হুৰাহুৰে পানী বৈ আহিছে।

আনহাতে জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল। নদীখনৰ একাধিক স্থানত মথাউৰি চিঙাৰ ফলত কেইবাখনো গাঁও জলমগ্ন হৈ পৰে। বালিপৰা ২০ খনতকৈ অধিক গাঁৱত সৃষ্টি হোৱা এই জলপ্ৰলয়ত দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত।

বালিপৰাৰ আশ্ৰয় শিবিৰত নিশা কটাইছে এই সকল বানাক্ৰান্তই। প্ৰসাশনৰ ফালৰ পৰা নিৰ্মাণ কৰা এই আশ্ৰয় শিবিৰত এনেদৰে প্ৰায় শতাধিক বানাক্ৰান্তই বৰ্তমান দিন পাৰ কৰিছে ৷ জানিব পৰা মতে, এই সাহাৰ্য্য শিবিৰত প্ৰশাসনৰ ফালৰ পৰা খাদ্য,খোৱাপানী আৰু পৰ্য্যাপ্ত পৰিমাণৰ ঔষধো যোগান ধৰা হৈছে। বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে জৰাসৰ নৈৰ বাঢ়নী পানী ৷ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে নৈখনৰ জলস্তৰ৷

ইফালে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত ভয়াবহ হৈ পৰিছে বানপৰিস্থিতি। সংহাৰী ৰূপ ধাৰণ কৰা বানৰ কবলত ১ নং খলিহামাৰী আৰু ২ নং খলিহামাৰীকে ধৰি ৮/১০ খনকৈ গাঁৱৰ ৰাইজ। ব্ৰহ্মপুত্ৰৰ উপ নৈ ঘিলাধাৰী নদীৰ পানী ফেনে ফুটুকাৰে উপচি পৰাত অঞ্চলটোৰ ন ন অঞ্চল প্লাবিত হৈ পৰিছে ৷

যাৰ ফলত শংকিত হৈ পৰি বিগত দুদিন ধৰি বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসী বানাক্ৰান্ত ৰাইজে।বছৰৰ প্ৰথমটো বানত আক্ৰান্ত সকলে বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰনৰ বান সাহাৰ্য্য পোৱা নাই বুলি অভিযোগ কৰিছে দুৰ্ভগীয়া বানাক্ৰান্ত ৰাইজে৷ ইয়াৰ মাজতে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বানৰ কবলত পৰি উটি অহা দুটাকৈ শৰ পহু আৰু কেটলা পহু খলিহামাৰীৰ সমীপৰ পানপুৰৰ বন্যপ্ৰাণী প্ৰেমী ৰাইজে আজি উদ্ধাৰ কৰি বনবিভাগক চমজি দিয়ে৷