মুখ্য-পৃষ্ঠা

হাওৰাঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন অধ্যক্ষক ছাত্ৰ সন্থাৰ সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা আৰু হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে মংগলবাৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ দায়িত্ব লাভ কৰা দেৱেন্দ্ৰ শৰ্মাক সাক্ষাৎ কৰাৰ লগতে চেলেং আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সাক্ষাৎ কালত ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোত আছিল ক্ৰমে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সহ: সম্পাদক সুভাষ বৰা, হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক ঋষিৰাজ বৰুৱা উপস্থিত থাকে।

১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ অধ্যক্ষৰ দায়িত্ব লোৱা অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মাই ছাত্ৰ সংগঠনটোৰ নেতৃত্বক জনাই যে নতুন আৰ্হিৰে বিদ্যালয়খন নিৰ্মাণ হ'বলৈ গৈ আছে য'ত ছাত্ৰ ছাত্ৰীয়ে উন্নত মানদণ্ডৰ শ্ৰেণীকোঠাত পাঠদান কৰাৰ সুবিধা লাভ কৰিব।