মুখ্য-পৃষ্ঠা

বিজেপিত জইন কৰিম বুলি মিছা মাতি আনন্দ মিশ্ৰই চাকৰি এৰিছিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  মোক অসমত মিছা কথা কৈ, এতিয়া বিহাৰত ইলেকশ্যন খেলিছে আনন্দ মিশ্ৰই। চাকৰি পৰা অব্যাহতি দিবলৈ মোৰ ঘৰ আৰু কাৰ্যালয়লৈ গৈ আনন্দ মিশ্ৰই কৈছিল যে, তেওঁক চাকৰিৰ পৰা মুকলি কৰি দিব লাগে। তেওঁ হেনো  বিজেপি কৰিব। মই তেতিয়া তেওঁক সুধিছিলো বিজেপি যে কৰিম বুলি কৈছা, টিকট-চিকটৰ কথা কি হব। তেওঁ তেতিয়া কৈছিল যে টিকটৰ বাবে নহয় মই জনতাৰ সেৱাৰ বাবে বিজেপিত যোগদান কৰিব খুজিছো। কিন্তু জনতাৰ সেৱা কৰিব খোজা সেই আনন্দ মিশ্ৰই ধৈৰ্য নাই বাবেই আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলিছে- বিহাৰৰ বক্সাৰ সমষ্টিত উপস্থিত হৈ এনেদৰেই প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰক তীব্ৰ কটাক্ষ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে বিহাৰৰ বক্সাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰা দেখা গল। বিহাৰত লালু প্ৰসাদ যাদৱৰ সৈতে মিতিৰালি কৰি বিজেপিৰ ভোট ভাগ কৰাৰ বাবেই আনন্দ মিশ্ৰই নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচন অৱৰ্তীণ হোৱা বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, আনন্দ মিশ্ৰৰ ফোন চেক কৰিলেই ওলাব যে দিনটোত কিমান বাৰ তেওঁ লালু আৰু তেজস্বী যাদৱৰ সৈতে কথা পাতে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিজেপিত যোগ দিম বুলি মিছা মাতি তেওঁ অসমত চাকৰি এৰি আহিছে। অকণো ধৈৰ্য নাই তেওঁৰ। বিজেপিত সেৱা কৰিবলৈ যোগদান কৰিম বুলি কোৱা আনন্দ মিশ্ৰই এতিয়া নিদৰ্লীয়ৰূপে থিয় দিছে কেৱল বিজেপিৰ ভোট কাটিবলৈ। কংগ্ৰেছৰ পৰা ছুপাৰি লৈছে আনন্দ মিশ্ৰই। জনতাই মোদীকহে ভোট দিব, বেলেগ কাকো ভোট নিদিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ বক্সাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তীব্ৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আনন্দ মিশ্ৰই। সমষ্টিটোৰ চুকে-কোণে বিভিন্ন স্তৰৰ লোকৰ সৈতে পোণপতীয়াকৈ সংযোগ স্থাপন কৰিছে প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে।