মুখ্য-পৃষ্ঠা

তিনি দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বৰাকলৈ মুখ্যমন্ত্ৰী...

Dimpul Borgohain

ডিজিটেল সংবাদ, শিলচৰঃ তিনি দিনীয়া ভ্ৰমণ সূচী লৈ অহা বৃহস্পতিবাৰে বৰাকলৈ যাব মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা। এই সময় ছোৱাত কাছাৰ সহ বৰাকৰ তিনিও খন জিলাত কেবাটাও নতুন প্ৰকল্পৰ আধাৰ শিলা স্হাপন আৰু ভূমিপূজণ কৰিব। লগতে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিও খন জিলাৰ দলীয় কাৰ্যকৰ্তা সকলৰ সৈতেও কেবাখনো সভাত অংশ গ্ৰহন কৰিব মুখ্যমন্ত্ৰীয়ে।

বৃহস্পতিবাৰে শিলচৰত উপস্হিত হৈ মুখ্যমন্ত্ৰী লক্ষীপুৰ সমষ্টিৰ শিলঘাটত বৰাক নৈৰ ওপৰত ৮৭ কোটি টকাৰে নিৰ্মাণ কৰিব লগা এখন সেতুৰ আধাৰশিলা স্হাপন কৰিব। সিদিনা ধলাই সমষ্টিৰ বৰজালেংগাত নতুনকৈ স্হাপন কৰিব লগীয়া মডেল কলেজৰো ভূমি পূজণ কৰিব মুখ্যমন্ত্ৰীয়ে।

সেইদিনাই কাছাৰ কেঞ্চাৰ হাস্পতালৰ এটি অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মিলিত হব। পিচদিনা শুকুৰবাৰে মুখ্যমন্ত্ৰী কৰিমগঞ্জ আৰু হাইলাকান্দি জিলালৈ গৈ চৰকাৰী আৰু দলীয় কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহন কৰিব। শনিবাৰে অৰ্থাৎ ২৪ আগষ্টত মুখ্যমন্ত্ৰী শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰথমবাৰৰ বাবে স্হাপন কৰা ২০ শয্যা বিশিষ্ট কাৰ্ডিওল'জি বিভাগৰ অত্যাধুনিক আইচিইউ এটাৰ উদ্বোধন কৰিব। ইয়াৰ পিচত শিলচৰ বাৰ সন্থাৰ ডেৰ শ বছৰ পূৰ্তি উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানতো অংশ লব মুখ্যমন্ত্ৰীয়ে।

ইফালে, মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ বেচ তৎপৰ হৈছে কাছাৰ জিলা প্ৰশাসন। নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো খুদ নাথাকে তাৰ বাবে সকলো ব্যৱস্হা লৈছে প্ৰশাসনে। মঙলবাৰে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডা ভাস্কৰ গুপ্তক লগত লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা,আৰক্ষী অধীক্ষক নোমাল মাহাত্তা, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে শিলচৰ মেডিকেল কলেজত উপস্হিত হয়। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা কাৰ্ডিওল'জি বিভাগৰ অত্যাধুনিক আইচিইউটো পৰিদৰ্শন কৰি তেওলোকে নিৰপত্তাৰ দিশটো পৰীক্ষা কৰে।