HEMANTA DUTTA'S BIRTH DAY 
মুখ্য-পৃষ্ঠা

মঙলদৈত নাট্যকাৰ হেমন্ত দত্তৰ ৮০ সংখ্যক ওপজা দিন পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী হেমন্ত দত্তৰ ৮০ সংখ্যক ওপজা দিন শনিবাৰে মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰাংগনত ৰাজহুৱা ভাৱে পালন কৰা হয়। একেধাৰে নাট্যকাৰ, সুৰকাৰ,কবি, গীতিকাৰ, নাট্যসিন্ধু হেমন্ত দত্তৰ ওপজা দিনটোত অন্তৰংগ আবেলি নামৰ অনুষ্ঠানেৰে ওপজা দিনটো ৰসাল কৰি তোলে মঙলদৈৰ শুভাকাংশী সকলে।

মঙলদৈৰ সনাতন ধৰ্মসভাৰ প্ৰাংগনত মঙলদৈ য়ুথ ক্লাব, সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলন,ইউনিটি উই দা ব্লাড ডোনাৰ, জ্ঞান বিকাশ একাডেমীৰ উদ্যোগত শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰা হয়।

জন্মদিন উপলক্ষে অনুস্থিত কৰা অন্তৰংগ অনুষ্ঠানত দৰঙৰ বিভিন্ন দল সংগঠন, ব্যক্তিয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে জন্মদিনৰ লগত সংগতি ৰাখি নাট্যকাৰ হেমন্ত দত্তৰ ৰচিত ৬০০গীত আৰু ৬খন নাটক সম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰে।

অনুস্থানত অসমৰ সংগীত জগত, সাহিত্য জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও মঙলদৈৰ কেইবা শতাধিক ব্যক্তি উপস্থিত থাকি শিল্পী গৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই।