মুখ্য-পৃষ্ঠা

কাছাৰত ৯.৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দঃ গ্ৰেপ্তাৰ ২সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। ড্ৰাগছৰ বিৰুদ্ধে শনিবাৰে নিশা দুটা পৃথক অভিযান চলাই লক্ষীপুৰ আৰু ধলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। দুয়ো ঠাইৰ পৰা মুঠ ১২৯ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচৰ পৰা ১ কেজি ৮০০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।‌ জব্দ কৰা হেৰ''ইনৰ মূল্য ৯.৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, শনিবাৰে নিশা ধলাই আৰক্ষীয়ে নাকা চেকিং চলোৱাৰ সময়ত এখন বলেৰ' বাহনৰ তেলৰ টেংকিৰ পৰা ৭৪ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। বাকচ কেইটাৰ পৰা মুঠ ১.০৩৪ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। হেৰ'ইন সৰবৰাহৰ অভিযোগত ৰাজিবুল ইছলাম লস্কৰ নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰা হয়। হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা কাছাৰৰ‌ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে।

আনহাতে, লক্ষীপুৰৰ পালেৰবন্দত এখন বাইকত তালাচী চলাই জব্দ কৰে ৫৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৭০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।

ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বামিম লস্কৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দকৰা হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ চুৰাচান্দপুৰ আৰু মিজোৰামৰ চাম্পাইৰ‌ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰা হয় বুলি সদৰি কৰে আৰক্ষী বিষয়াজনে।