মুখ্য-পৃষ্ঠা

মেঘালয়ত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত মণিপুৰৰ এজন কুকি সৰবৰাহকাৰী সহ বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।

কাছাৰ সীমান্তৱৰ্তী ৰাতাচেৰা চেক পোষ্টত তালাচী চলাই মণিপুৰৰ পৰা অহা এখন বাহনৰ পৰা ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীয়ে জব্দ কৰে হেৰ'ইন ভৰ্তি ৮৪ টা চাবোনৰ বাকচ। নম্বৰ প্লেট বিহীন এখন মহিন্দ্ৰা পিক আপ বাহনত থকা এটা ড্ৰামত লুকুৱাই অনা হৈছিল হেৰ'ইনখিনি।

জানিব পৰা মতে চাবোনৰ বাকচকেইটাৰ পৰা জব্দ কৰা হেৰ'ইনৰ ওজন ৮৯৭ গ্ৰাম । নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালক তথা মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ বাসিন্দা নেহটিন মাং হাওকিপ (৩৬)ক গ্ৰেপ্তাৰ কৰে।

হেৰ'ইনখিনি মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা শ্বিলঙত ডেলিভাৰী কৰিবলৈ আহিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ধৃত চালকজনে । জব্দ কৰা হেৰ''ইনৰ মূল্য ৭.২ কোটি টকাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।