মুখ্য-পৃষ্ঠা

মিজোৰামত ১.০৬ কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ‌ বিৰুদ্ধে বৃহৎ সাফল্য মিজোৰাম আৰক্ষীৰ।‌ অভিযান চলাই চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত আইজল জিলা আৰক্ষীৰ বিশেষ শাখাৰ এটা দলে চেলেছিহ এলেকাত অভিযান চলাই এখন মটৰ চাইকলেৰ পৰা হেৰ'ইন কঢ়িয়াই অনা দুটা ডাঙৰ বেগ উদ্ধাৰ কৰে।

বেগসমূহ পৰীক্ষা কৰাৰ পিছত আৰক্ষীৰ দলটোৱে হেৰ'ইন ভৰ্তি ৩১১ টা চাবোনৰ বাকচ জব্দ কৰে । বাকচ কেইটাৰ পৰা মুঠ ৩.৫৪৭ কেজি ওজনৰ হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য ১কোটি ৬লাখ ৪১হাজাৰ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। এই বুজন পৰিমাণৰ হেৰ'ইনখিনি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছিল।‌

ইফালে, নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ম্যানমাৰৰ চি টি লিয়ানাক গ্ৰেপ্তাৰ কৰে। চিটি লিয়ানাৰ ঘৰ ম্যানমাৰৰ মাটুঙ তাহান জিলাত। কোনো বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল ম্যানমাৰৰ ড্ৰাগছ ব্যৱসায়ীজনে। আৰক্ষীয়ে এই সন্দৰ্ভত 185/24 dt.26.05.2024 u/s 21(c)/ 25 ND & PS Act r/w 14 Foreigners Act ৰ অধীনত আইজলৰ বাউংকান থানাত এটা গোচৰ পঞ্জীয়ন কৰিছে।‌ বৰ্তমান অধিক তদন্তৰ বাবে আৰক্ষীয়ে বাউংকান থানাত জেৰা অব্যাহত ৰাখিছে ধৃত ম্যানমাৰৰ ড্ৰাগছ ব্যৱসায়ীজনক।