মুখ্য-পৃষ্ঠা

নিঃশেষ হ'ব কলেষ্টেৰল! খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ উপাদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ বাবে উচ্চ কলেষ্টেৰল জটিল ৰোগতকৈ কোনো গুণে কম নহয়। ইয়াৰ উপৰিও উচ্চ কলেষ্টেৰলে যকৃত, বৃক্ক আৰু অন্যান্য অংগৰো ক্ষতিসাধন কৰে। গতিকে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিবলৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক নহৰু। বহু মৰাত্মক ৰোগৰ পৰা শৰীৰক মুক্ত কৰে নহৰুৱে ৷ কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি দেহত কলেষ্টেৰল মাত্ৰা কমোৱাত সকাহ দিয়াত সহায়ক দুই ফুটা নহৰু ৷

নহৰুৱে খাদ্য সুস্বাদু কৰাৰ লগতে স্বাস্থ্যও ভালে ৰাখে। নহৰুৰ বহুতো ঔষধি গুণ আছে যি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰি হয়। ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা খোৱাৰ স্বাস্থ্য়ৰ পক্ষে উপকাৰী।

কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখালৈকে এই শক্তিশালী উপাদান বিধ বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। আপুনিও নহৰুক  খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰিব পাৰে। আমাৰ খাদ্যৰ তালিকাত নহৰু কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি জানো আহক-

দৈনিক দুই ফুটা কেঁচা নহৰু

খালী পেটত কেঁচা নহৰু খালে কলেষ্টেৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। মধুমেহ ৰোগীৰ বাবেও ইয়াক ভাল বুলি গণ্য কৰা হয়।কেঁচা নহৰুত পোৱা এলিচিন নামৰ যৌগটোৱে কলেষ্টেৰল কমোৱাত সহায় কৰে বুলি প্ৰমাণিত হৈছে। আৰু তেজ পাতল কৰা গুণ থকা বুলি জনা যায়। এই সুবিধাসমূহ পাবলৈ কেৱল ৰাতিপুৱা এগিলাচ পানীৰ সৈতে কেঁচা নহৰুৰ দুই ফুটামান খাব লাগে।

নহৰুৰ চাহ

দৈনিক একাপ নহৰুৰ চাহ খাব পাৰে। নহৰুৰ চাহ বনাবলৈ নহৰু এফুটা থেতেলিয়াই একাপ পানীত মিহলাই লওক। তাৰ পিছত কিছুসময় উতলাই লৈ তাত এচামুচৰ পৰা দুচামুচ ডালচেনি দি অলপ উতলাই শেষত এটা কাপত উলিয়াই আনি তাত মৌ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই  দি চাহ হিচাপে খাব পাৰি।

নহৰু আৰু মৌ

নহৰু খোৱাৰ আন এটা উত্তম উপায় হ’ল নহৰুৰ এফুটা তিনিৰ পৰা চাৰিটা টুকুৰা কৰি কাটি লৈ চামুচ এখনত ​​মৌ কেইটোপালমান দি মিহলাই কেইমিনিটমান ৰাখিব। তাৰ পিছত চোবাই গিলি দিব। যদি আপুনি ইয়াৰ সোৱাদ তিতা অনুভৱ কৰে, তেন্তে গৰম পানীৰ লগতো খাব পাৰে। ই কেৱল কলেষ্টেৰল আৰু ডায়েবেটিছৰ পৰা সকাহ দিয়াই নহয়, এচিড ৰিফ্লাক্স আৰু বমিৰ লক্ষণৰ পৰাও সকাহ দিব পাৰে। 

পোৰা নহৰু

আপুনি যদি নহৰুৰ সোৱাদ যদি তিতা অনুভৱ কৰে, তেন্তে ইয়াক পুৰি খাব পাৰে। ইয়াৰ বাবে ইয়াৰ উপকাৰীতাও অক্ষত থাকে আৰু ইয়াৰ সোৱাদতো অলপ মিঠা আহে।আপুনি ৰুটি ,ব্ৰেডৰ লগতো পোৰা নহৰু খাব পাৰে।

নহৰুৰ তেল

নহৰুৰ সুবিধা ল’বলৈ ইয়াৰ তেলও ব্যৱহাৰ কৰিব পাৰে। চালাডত বা পোৰা শাক-পাচলি বা ৰুটিৰ সোৱাদ বৃদ্ধি কৰিবলৈ নহৰুৰ তেল ব্যৱহাৰ কৰিব পাৰে। নহৰুৰ তেল বনাবলৈ নহৰুৰ বাকলি গুচাই থেতেলিয়াই চচপেনত একাপ ভাল ৰন্ধন তেল যেনে অলিভ অইল বা এভোকাডো তেলৰ সৈতে একেলগে মিহলাই কম জুইত ১০ মিনিটমান গৰম কৰি এই তেল ঠাণ্ডা কৰি ছাকি লৈ ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰে।

উল্লেখযোগ্য যে বৰ্তমান সময়ত অনিয়মিত জীৱনশৈলীৰ বাবে উচ্চ কলেষ্টেৰল এটা সাধাৰণ কথাত পৰিণত হৈছে । কলেষ্টেৰল হৈছে আমাৰ তেজত পোৱা এবিধ আঠাযুক্ত পদাৰ্থ । আমি সঠিক তথা সুষম আহাৰ গ্ৰহণ নকৰা সুস্থ জীৱনশৈলী অনুসৰণ নকৰাৰ ফলতেই বাবেই আমাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়।

কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে শিৰাৰ গতি সংকীৰ্ণ হৈ পৰে আৰু ইয়াৰ ফলত ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে । কলেষ্টেৰল বৃদ্ধিৰ ফলত হৃদযন্ত্ৰৰ আটাইতকৈ বেছি ক্ষতি হোৱা দেখা যায় । কলেষ্টেৰলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

উল্লেখ্য যে, আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত খাদ্যই শৰীৰত তেজৰ কলেষ্টেৰল বৃদ্ধি আৰু নিয়ন্ত্ৰণৰ কাম কৰে। সঠিক খাদ্য গ্ৰহণ কৰি সহজে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পৰা যায় । ইয়োৰোপৰি ৰক্তত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে কোনো লক্ষণে দেখা নিদিয়ে। মাত্ৰ নিয়মিত ৰক্ত পৰীক্ষাৰ দ্বাৰাইহে ইয়াক নিৰ্ণয় কৰিব পাৰি।

উপযুক্ত খাদ্য, নিয়মিত ব্যায়াম, ঔষধ আৰু নিয়মিত ৰক্ত পৰীক্ষা কৰি বৰ্ধিত কলেষ্টেৰলৰ স্বাভাৱিক স্থিতিলৈ আনিলে হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি। গতিকে সজাগ হওক আৰু কম বয়সৰ পৰাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰক।