মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ মন্ত্ৰী-বিধায়ক আৰু নিগম -নিকায়ৰ অধ্যক্ষসকলে নাপায় আগন্তুক দুমাহৰ দৰমহা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ এখন ৰাজ্যৰ আৰ্থিক অৱস্থা খুবেই বেয়া। যাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে সকলো মন্ত্ৰী আৰু নিগম-নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষসকলে দুমাহৰ দৰমহাৰ পৰা বঞ্চিত হবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। খোদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, আগন্তুক দুটামাহৰ বাবে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু নিগম-নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষসকলে কোনো দৰমহা লাভ নকৰে।

মুখ্যমন্ত্ৰীয়ে বিধানসভাত এই ঘোষণা কৰাৰ পাছতে এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই ঘোষণা কৰিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে। হিমাচল প্ৰদেশৰ শেহতীয়া বিত্তীয় অৱস্থা উন্নত কৰিবলৈ এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। দৰাচলতে ২০২৩-২৪বৰ্ষত ৰাজ্য়খনত ৰাজহৰ পৰিমাণ পূৰ্বৰ বছৰতকৈ প্ৰায় ১৮শ কোটি টকা হ্ৰাস পাইছে। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে ৰাজ্যৰ ৰাজহৰ সংগ্ৰহ পৰিমাণ এই পৰ্যায়ত থাকে তেন্তে ২০২৪-২৫বৰ্ষত ৰাজ্যখনৰ ৰাজহৰ পৰিমাণ প্ৰায় ২৫০০কোটি হ্ৰাস পাব। গতিকে সময় থাকোতেই আমি কিছু সিদ্ধান্ত লোৱাটো সঠিক হব। তেওঁ লগতে কয় যে, এই প্ৰক্ৰিয়াৰে ৰাজ্যৰ আৰ্থিক স্থিতি পোনচাতেই শুধৰণি নহয় যদিও পৰ্যায়ক্ৰমে নিশ্চিয় কিছু পৰিৱৰ্তন আহিব।