মুখ্য-পৃষ্ঠা

বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী-সৰ্বানন্দ সোণোৱালৰ আলোচনা: শীঘ্ৰে বানাক্ৰান্তক সাহায্য প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিপদ সীমাৰ ওপৰেৰে বৈছে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। চহৰখনৰ ৬০ শতাংশ অঞ্চল বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। চহৰৰ অধিকাংশ বাট পথ জলমগ্ন হৈ থকাৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিস্তৃত অংশ পানীৰ তলত বোৰ গৈ আছে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে তেওঁৰ লোকসভা সমষ্টি ডিব্ৰুগড়ৰ বান পৰিস্থিতি পর্যালোচনা কৰে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ডিব্ৰুগড়, তিনিচুকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল বানত প্লাৱিত হৈ থকাৰ অঞ্চলসমূহৰ সন্দৰ্ভত টেলিফোন যোগে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাৰ্তালাপতে অনতিপলমে বানাক্ৰান্তক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ নালিয়াপুল, গ্ৰাহাম বজাৰ, খলিহামাৰি ,পুলিচ ৰিজাৰ্ভ, কালিবাৰী,অদি বিভিন্ন অঞ্চল সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। কৃত্ৰিম  বানত নগৰবাসীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰোপৰি পৌৰ নিগমৰ অপৰিকল্পিত নলা নৰ্দমা ব্যৱস্থা,সময় মতে নলা নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত দুৰ্ভোগ কৃত্ৰিম বানত ভুগিছে নগৰবাসীয়ে।

অসমত শেহতীয়া বানত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানত দেওবাৰে ২জন লোকৰ মৃত্যু হোৱাৰ লগতে এই পৰ্যন্ত ৰাজ্যত ৪৪জন মৃত্যুৰ মুখত পৰিছে। ৰাজ্যখনত ব্রহ্মপুত্রকে ধৰি পাঁচখন নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।