মুখ্য-পৃষ্ঠা

১৫আগষ্টৰ পূৰ্বেই সলনি হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোনোবাই হেৰুৱাব আৰু কোনোবাই নতুনকৈ লাভ কৰিব দায়িত্ব। আগন্তুক এমাহৰ ভিতৰত সলনি হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। দপ্তৰৰ ব্যাপক সাল-সলনি কৰাৰ কথা বৃহস্পতিবাৰে সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত অন্য কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্ত্ৰীসভাৰ ৰদ-বদলৰ সন্দৰ্ভত ঘোষণা কৰি কয় যে, ২৬ৰ নিৰ্বাচনত ন উদ্যমেৰে নমাৰ উদ্দেশ্যৰে অচিৰেই লোৱা হব এই সিদ্ধান্ত। শীঘ্ৰেই দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এই সম্পৰ্কত আলোচনা কৰি ১৫আগষ্টৰ পূৰ্বে মন্ত্ৰীসভাৰ ৰদ-বদল কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্ত্ৰী সভাত ৩ খন নতুন মুখ দেখা পাব বুলি ইংগিত প্ৰদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে এইবাৰ মন্ত্ৰীত্ব প্ৰদান কৰা হব। উল্লেখ কৰা প্ৰয়োজন যে, ২৬ৰ নিৰ্বাচনত এইবাৰ বিজেপিয়ে ১০০খনৰো অধিক আসন লাভ কৰাৰ উদ্দেশ্যেৰে কাম কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ইতিমধ্যে আমি লোকসভা নিৰ্বাচনত ৯৩খন আসন লাভ কৰিছোৱেই, বাকী ৭খন আসনৰ বাবে আমি আগন্তুক সময়ত প্ৰৱল উদ্যমেৰে কাম কৰিম।