কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰি ৰাজনীতি কৰেঃ মুখ্যমন্ত্ৰী 
মুখ্য-পৃষ্ঠা

কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰি ৰাজনীতি কৰেঃ মুখ্যমন্ত্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিংঃ লামডিং শ্বহিদ মৈদানত সোমবাৰে কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক বিজেপিৰ পক্ষত ভোট দিবলৈ আহ্বান জনাই।

ৰাজ্যত ৩ টা কৈ নতুন আঁচনি প্ৰদান কৰাৰ লগতে নিৰ্বাচনৰ পিছতেই আৰু ৫০ হাজাৰ পদত চাকৰি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয় যে আগন্তুক ছমাহৰ ভিতৰত অসমৰ পৰা ডি ভোটাৰ,ট্ৰাইবুনেল জাননী আৰু আধাৰ কাৰ্ডৰ সমস্যা সমাধান হ'ব। বিজেপিয়ে ৰাজ্যত লাভ জেহাদৰ বিপক্ষে কাম কৰে কিন্তু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱান কৃষ্ণই লাভ জেহাদ কৰা বুলি মন্তব্য কৰে,তেনে ক্ষেত্ৰত ৰাইজে কাক ভোট প্ৰদান কৰিব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিৱসাগৰত ঈদৰ দিনা গৌৰৱ গগৈয়ে নামাজ পঢ়াক লৈ কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰি ৰাজনীতি কৰে বুলি ক্ষোভ উজাৰে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, নিৰ্বাচনৰ পিছতেই লামডিং উন্নয়ন কৰাৰ লগতে হোজাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিব বুলি সভাত প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি লামডিঙৰ ৰেলৰ মাটি আৰু পৌৰসভাৰ মাটিৰ যি দীৰ্ঘদিনীয়া সমস্যা সেয়াও কেন্দ্ৰত মোডীৰ চৰকাৰ আহিলে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।