মুখ্য-পৃষ্ঠা

কাব্যস্নেহ দিৱস: সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন...

Asomiya Pratidin

[ডিজিটেল ডেস্কঃ আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন। বিংশ শতিকাৰ শেষৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ অসমীয়া কবিতাক সজীৱ আৰু সমৃদ্ধ কৰি ৰখা হীৰুদাৰ জন্মদিনৰ দিনটোত কবিগৰাকী শ্ৰদ্ধাৰে সুঁৱৰিছে। হীৰেন ভট্টাচাৰ্যৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।

দেশ জাতিৰ বিপদৰ সময়ত তেওঁ লিখিছিল 'দেশ বুলিলে আদেশ নালাগে'। হীৰুদাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত। ১৩ খনকৈ কবিতা পুথি লিখি তেঁও অসমীয়া সাহিত্যৰ ভঁৰালক চহকী কৰি থৈ গৈছে। তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছে। কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

খুব কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল ১৯৫৭ চনত। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্যৰ প্ৰথমখন কাব্য গ্ৰন্থ সংকলন “ৰৌদ্ৰ কামনা“ প্ৰকাশৰ ব্যৱস্থা কৰিছিল। ৰৌদ্ৰ কামনা হ’ল ষাঠিৰ দশকত আধুনিক অসমীয়া কবিতাৰ অনন্য সংযোজন।

১৯৭২ চনত প্ৰকাশ পাইছিল হীৰেন ভট্টাচাৰ্যৰ দ্বিতীয় খন কাব্য গ্রন্থ “মোৰ দেশ আৰু মোৰ প্রেমৰ কবিতা“। ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত লিখা কবিতাসমূহ এই দ্বিতীয় কাব্য গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল।

ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্যৰ অসমীয়া ভাষাত প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল- ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘শইচ পথাৰ মানুহ’ (১৯৮১), ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্‌চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’, ‘কেইটামান গান’ আদি। ইয়াৰ উপৰিও ভট্টাচাৰ্যৰ বঙালী ভাষাত প্ৰকাশিত কাব্য সংকলন হ’ল- ‘জোনাকী মন আৰু অন্যান্য’, ‘শস্যেৰ মাঠ আৰু অন্যান্য’।

ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল’ৰা ধেমালি লিখি থৈ গৈছে। ২০১২ চনৰ ৪ জুলাইত কবি হীৰেন ভট্টাচাৰ্যৰ দেহাৱসান ঘটে। আজি কবিগৰাকীৰ জন্মদিনৰ দিনা সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰিয় কবিগৰাকীক।