মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীক পিষ্টল আচঁনি ঘোষণা কৰাৰ আহ্বান হিতেশ দেৱ শৰ্মাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এন আৰ চিৰ প্ৰাক্তন সমম্বয়ক হিতেশ দেৱ শৰ্মাৰ শেহতীয়া এক ফেচবুক পোষ্টে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত দেৱ শৰ্মাই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই লিখিছে- মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ স্কুটী, মাইনা আঁচনি পৰিহাৰ কৰি তাৰ ঠাইত পিষ্টল আঁচনি লওক। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ পইন্ট ২২ বৰৰ পিষ্টল দিয়ক। বিশেষকৈ মিঞা পৰিৱেষ্টিত অঞ্চলবোৰত।

হিতেশ শৰ্মাৰ এই পোষ্টৰ পাছতেই তেওঁৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিশ্বনাথ সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যত চলি থকা পৰিৱেশ পৰিস্থিতিৰ মাজত ছাত্ৰ-ছাত্ৰীক সন্ত্ৰাসবাদী কাৰ্যক উদগণি আৰু উচতনি দিয়াৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ হুচেইনে। অচিৰেই তেওঁক গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সংগঠনটোৱে।