মুখ্য-পৃষ্ঠা

নৱজাতকৰ ছাল পৰিষ্কৰণত উপযুক্ত যতন নিৰ্বাচন

Asomiya Pratidin

একোটি কেঁচুৱাৰ ছালখন প্ৰাপ্তবয়স্কৰ ছালৰ তুলনাত প্ৰায় ৩০ শতাংশ পৰ্যন্ত পাতল হোৱাৰ ফলত ইয়াত খজুৱতি, দাগ পৰা আৰু অন্যান্য অনুভূতিজনিত সমস্যা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেক্ষেত্ৰত, কেঁচুৱাৰ ছালখন আলসুৱা হোৱা বাবে কণমানিটিৰ ছালখনক খজুৱতি আৰু শুষ্কতাৰ পৰা ৰক্ষা কৰাৰ বাবে কেঁচুৱাৰ উপযোগী সঠিক চাবোন আৰু ৱাশ্ববিধ বাছি লোৱাৰ প্ৰয়োজন হয়৷

কেঁচুৱাৰ ছালখন সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা চাবোন বা ৱাশ্ববিধ বাছি লওক

জনছনছ বেবী ছ’প আৰু টপ টু-ট’ বাথ হৈছে মসৃণ, ক্লিনিকেলি প্ৰমাণিত আৰু কেঁচুৱাৰ আলসুৱা ছালখনৰ নিজস্ব প্ৰয়োজনসমূহ পূৰণ কৰিব পৰা সামগ্ৰী৷ এটি নৱজাতক শিশুৰ ছালখন পৰিষ্কাৰ কৰিবলগীয়া হ’লে ব্যৱহাৰ কৰা সামগ্ৰীত অধিক পৰিমাণৰ মৌলিক উপাদান থাকিব লাগিব, যি অধিক গভীৰলৈ প্ৰৱেশ নকৰাকৈ ছালৰ ওপৰভাগ পৰিষ্কাৰ কৰিব পাৰে৷ তেনে উৎপাদনে অধিক ক্ষতি নকৰাকৈ শিশুটিৰ ছালখন পৰিষ্কাৰ কৰিব পাৰে৷ জনছনছ বেবী টপ-টু-ট’ বাথত বৃহৎ আকাৰৰ মাইছেলেছ থকা হেতুকে ই ছালৰ আৱৰণৰ ক্ষতি নকৰাকৈ মলি আঁতৰাব পাৰে৷

নমনীয় আৰু মইশ্বাৰাইজিং উপাদানযুক্ত বেবী ছ’প বা ৱাশ্ব ব্যৱহাৰ কৰক

আপোনাৰ কেঁচুৱাটিৰ ছালৰ শুষ্কতা ৰোধ কৰা আৰু স্বাভাৱিক আদ্ৰৰ্তা অটুট ৰখাৰ বাবে মইশ্বাৰাইজিং বা আদ্ৰৰ্ উপাদানযুক্ত মৃদু বেবী ছ’প বা ৱাশ্ব ব্যৱহাৰ কৰা উচিত৷ জনছনছ বেবী ছ’পত আছে প্ৰাকৃতিকভাৱে আহৰণ কৰা গ্লিচাৰিণ, যি হৈছে এবিধ শক্তিশালী আদ্ৰৰ্তা আকৰ্ষক আৰু ই শিশুটিৰ ছালখন শুকান হৈ নপৰাকৈ ধুব পাৰে৷ জনছনছ বেবী টপ-টু-ট’ত থকা নাৰিকলযুক্ত পৰিষ্কাৰকেও শুষ্কতাৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ গা ধুওৱাৰ সময়খিনি আপোনাৰ কণমানিটিৰ বাবে এক আৰামদায়ক তথা আনন্দদায়ক উপলব্ধি হোৱা উচিত৷ লগতে জনছনছ বেবী ছ’পত থকা ভিটামিন ই য়ে শিশুটিৰ ছালখনক পুষ্টি যোগোৱাতো সহায় কৰে৷ ই পেৰাবিন, ফেটেলেট আৰু ছালফেট মুক্ত হোৱা বাবে খজুৱতিৰো সৃষ্টি নকৰে৷

pHৰ ভাৰসাম্য ৰক্ষা

আপোনাৰ শিশুটিৰ ছালখনৰ উপযুক্ত স্বাস্থ্যৰ বাবে pHৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটোও অতি জৰুৰী৷ এনেক্ষেত্ৰত pHৰ ভাৰসাম্যযুক্ত শ্বেম্পু বা ৱাশ্বেই শিশুৰ ছালৰ বাবে আটাইতকৈ উপযোগী৷ pHৰ ভাৰসাম্যযুক্ত বেবী ৱাশ্বে ক্ষতিকৰ বেক্টেৰিয়াৰ পৰা ছালখনৰ প্ৰাকৃতিক আৱৰণক ৰক্ষা কৰি শিশুটিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে৷

গা ধুওৱাৰ সময়কণ ঃ সম্পৰ্ক গঢ়া আৰু আনন্দৰ এক সুযোগ

আপোনাৰ কেঁচুৱাটিক গা ধুওৱাৰ সময়খিনি কেৱল পৰিচ্ছন্নতা ৰক্ষা কৰাই নহয়, ই হৈছে পৰিচৰ্যা আৰু সম্পৰ্ক গঢ়ি তোলাৰ বাবেও এক মধুৰ সুযোগ৷ গৰম পানী ব্যৱহাৰ কৰি বা বেবী শ্বেম্পুৰে কোমলকৈ মালিচ দি বা শিশুটিৰ ছালখন পৰিষ্কাৰ কৰোতে ইয়াক আৰামদায়ক কৰি তুলি শিশুটিক সকাহ দিয়ক৷ মলি আৰু অশুদ্ধতা আঁতৰাবৰ বাবে কোমল, কপাহী কাপোৰেৰে কোমলকৈ ঘঁহক৷ টানকৈ ঘঁহাৰ পৰিবৰ্তে মৃদুভাৱে হাত বুলাওক, কাৰণ অতিমাত্ৰা ঘঁহনিয়ে ছালত খজুৱতিৰ সৃষ্টি কৰিব পাৰে৷ পৰিষ্কাৰ কৰাৰ পাচত দীৰ্ঘস্থায়ী জনছনছ বেবী ক্ৰিম বা বেবী লোচনেৰে ছালখনে পুষ্টি লাভ কৰাকৈ মালিচ কৰক৷

পিতৃ-মাতৃৰ সৈতে কেইবা প্ৰজন্মৰ সম্পৰ্ক :

বিগত বছৰবোৰত, জনছনছ টপ-টু-ট’ বাথ কেঁচুৱাৰ আলসুৱা ছালখন পৰিষ্কাৰ কৰাৰ বাবে এবিধ জনপ্ৰিয় পছন্দত পৰিণত হৈছেগৈ৷ ইয়াৰ পাম্প বটল আকৃতিৰ বাবে ইয়াক ব্যৱহাৰ কৰাও সহয় আৰু সুবিধাজনক, যাৰ ফলত গা ধুওৱাৰ সময়ত ইয়াক অকলশৰেই ব্যৱহাৰ কৰিব পাৰি৷ এইবিধ সামগ্ৰী শিশুটিৰ শৰীৰ আৰু চুলিতো ব্যৱহাৰ কৰিব পৰা হোৱা বাবে, কেইবাবিধো সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰয়োজনো হ্ৰাস পায়৷

আপোনাৰ কেঁচুৱাটিৰ ছালৰ যতনৰ প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ সঠিক বেবী ছ’প বা ৱাশ্ববিধ নিৰ্বাচনত অগ্ৰাধিকাৰ দি, পিতৃ-মাতৃয়ে প্ৰথম দিনাৰে পৰাই শিশুটিৰ কোমল ছালখনক সুৰক্ষিত আৰু পুষ্টিকৰ কৰি ৰাখিব পাৰে৷