মুখ্য-পৃষ্ঠা

কিস্তি কিস্তিকৈ লৈছিল উৎকোচঃ ৰেঞ্জাৰ ইকবালক উচিত শাস্তি প্ৰদানৰ আশ্বাস বন মন্ত্ৰীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দৰমহাৰ টকাৰে মন নভৰে চৰকাৰী বিষয়াৰ। কিস্তি কিস্তিকৈ উৎকোচ লৈ শেহতীয়াকৈ জালত পৰিল ৰেঞ্জাৰ ইকবাল আহমেদ। দুৰ্নীতিৰ সদাগৰ হিচাপে পৰিচিত এইগৰাকী চৰকাৰী বিষয়াই হাত দাঙিলে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত। যোৰহাট বন বিভাগক একপ্ৰকাৰে দুৰ্নীতিৰ সম্ৰাজ্যলৈ পৰিণত কৰা বন বিষয়াগৰাকীক নগদ ১লাখ টকাসহ হাটে-লুটে কাৰ্যালয়ৰ ভিতৰতে প্ৰথমে আটক আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই।

প্ৰাপ্ত খবৰ অনুসৰি,  এজন ব্যক্তিৰ পৰা দ্বিতীয় কিস্তিৰ ধন লোৱাৰ সময়তে ৰেঞ্জাৰ ইকবাল আহমেদক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে । ৰেঞ্জাৰ ইকবাল আহমেদে এজন ব্যক্তিক টিম্বাৰৰ লাইচেন্স প্ৰদান কৰাৰ বিনিময়ত ৪ লাখ টকা দাবী কৰিছিল ।

ব্যক্তিগৰাকীয়ে অনুজ্ঞাপত্ৰ লাভ কৰাৰ বিনিময়ত প্ৰথম কিস্তিত প্ৰায় ৩ লাখ টকা প্ৰদান কৰে ৷ আজি শেষৰটো কিস্তিৰ ধন দিবলৈ আহিছিল ব্যক্তিগৰাকীয়ে ৷ এই শেষৰটো কিস্তিৰ ধন লোৱাৰ সময়তে ৰেঞ্জাৰ ইকবালক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। 

ইফালে ৰেঞ্জাৰ গৰাকীৰ গ্ৰেপ্তাৰৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এগৰাকী চৰকাৰী কৰ্মচাৰীৰ এনে কাণ্ড লজ্জাজনক বুলি মন্তব্য কৰি ঘটনাৰ সঠিক তদন্ত কৰি উচিত শাস্তি প্ৰদানপৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে,  এইগৰাকী বিষয়াৰ পৃষ্ঠপোষকতাত যোৰহাটত গঢ়ি উঠিছিল শিল, বালি আদিৰ ছিণ্ডিকেট ৷ ফলত তেওঁ নামে বেনামে গঢ়ি তুলিছিল পৰ্বতসম সম্পত্তিৰ পাহাৰ ।