মুখ্য-পৃষ্ঠা

কাছাৰত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: অবৈধ বিদেশী সুৰাৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আবকাৰী বিভাগে বুজণ পৰিমাণৰ মেঘালয়ত প্ৰস্তুত কৰা সুৰা জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত অসম-মেঘালয় সীমান্তৰ জালালপুৰত অভিযান চলাই শিলচৰ আৰু বৰখলাৰ আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি। এখন ট্ৰাকত অভিযান চলাই ৭০ কাৰ্টন বিদেশী সুৰা জব্দ কৰে আবকাৰী বিভাগে।

ঔষধ আৰু হাৰ্ডওৱেৰ সামগ্ৰীৰ তলত লুকুৱাই সুৰাখিনি মেঘালয়ৰ পৰা মিজোৰামলৈ সৰবৰাহৰ সময়ত জালাপুৰত জব্দ কৰে আবকাৰী বিভাগে। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা বুলি সদৰী কৰিছে আবকাৰী বিভাগৰ অধীক্ষক শান্তনু হাজৰিকাই। অবৈধ সুৰাৰ সৈতে ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা ঔষধ আৰু হাৰ্ডওৱেৰ সামগ্ৰী আৰু ট্ৰাক খনো জব্দ কৰা হয়। অবৈধ সুৰা সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰা হয়।‌ ধৃত‌ চালকজনৰ নাম চুফিয়ান আলী। চুফিয়ানৰ ঘৰ কাটিগৰাৰ তাৰাপুৰত বুলি জানিব পৰা গৈছে।‌